লালমাটিত মুকলি ট্ৰাইমফ মটৰ চাইকেলৰ প্ৰথমটো শ্ব’ৰুম

লালমাটিত মুকলি ট্ৰাইমফ মটৰ চাইকেলৰ প্ৰথমটো শ্ব’ৰুম

author-image
Asomiya Pratidin
New Update
লালমাটিত মুকলি ট্ৰাইমফ মটৰ চাইকেলৰ প্ৰথমটো শ্ব’ৰুম

ডিজিটেল সংবাদ,গুৱাহাটী : আইকনিক ব্ৰিটিছ মটৰ চাইকেল ব্ৰেণ্ড ট্ৰাইমফ মটৰ চাইকেলে মঙলবাৰে গুৱাহাটীৰ লালমাটিত মুকলি কৰিলে উত্তৰ-পূবৰ বহু-প্ৰত্যাশিত প্ৰথমটো শ্ব’ৰুম। ১২০ বছৰীয়া জয়ন্তী সম্পূৰ্ণ কৰা গ্ল'বেল ব্ৰেণ্ডটো নিজৰ কাৰুকাৰ্য্য, অত্যাধুনিক প্ৰযুক্তি আৰু গ্ৰাহকৰ অভিজ্ঞতাৰ বাবে সুপৰিচিত।

Advertisment

এই উপলক্ষে আজি ইয়াৰ দুখন শেহতীয়া চেন্সেচনেল মটৰ চাইকেল- স্পীড ৪০০ আৰু স্ক্ৰেম্বলাৰ ৪০০ এক্স ক্ৰমে ২.৩৩ লাখ আৰু ২.৬২ লাখ মূল্যত মুকলি কৰা হৈছে। আজিৰ এই অনুষ্ঠানটোত জ'নেল মেনেজাৰ সুব্ৰত মহপাত্ৰ উপস্থিত থাকে।

ট্ৰাইমফৰ নতুন গৰাকীয়ে অৰিজিনেল ট্ৰাইমফ এচেচৰিজৰে তেওঁৰ বাইকখন কাষ্টমাইজো কৰি ল'ব পাৰে। ডিলাৰশ্বিপত স্পীড ৪০০ৰ বাবে ২৫ ৰোধিক জেনুইন এচেচৰিজো উপলব্ধ বুলি জানিবলৈ দিয়ে।

এই এচেচৰিজসমূহে ষ্টাইলিং আৰু কমফ'ৰ্টৰপৰা আৰম্ভ কৰি লাগেজ আৰু চিকিউৰিটিলৈকে চালকৰ সকলোখিনি প্ৰয়োজনীয়তা সামৰি লৈছে। নতুন গ্ৰাহকসকলে দুবছৰৰ আনলিমিটেড মাইলেজ ৱাৰেন্টি আৰু পৰৱৰ্তী ৩ বছৰৰ বাবে সম্প্ৰসাৰিত ৱাৰেন্টিসহ ১৬,০০০ কিঃমিঃৰ অন্তৰালত চাৰ্ভিচ লাভ কৰিব।

আগ্ৰহী গ্ৰাহকসকলে www.triumphmotorcyclesindia.com/booking ত অনলাইন মাধ্যমেৰে বা গুৱাহাটীৰ লালমাটিস্থিত ট্ৰাইমফ ডিলাৰশ্বিপলৈ আহি বুকিং কৰিব পাৰিব জনায়।

Also Read: বাংলাদেশত শান্তিপূৰ্ণ নিৰ্বাচন নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰসংঘৰ আহ্বান

motorcycle lalmati