/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/eca81c22-0f03-420f-ad52-aa6dc04265a0/AP_web.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ অৰুণাচল প্ৰদেশৰ চাংলাং জিলা আৰক্ষী আৰু বি/১৪৯ নং বেটেলিয়ন চি আৰ পি এফৰ যৌথ দলে দেওবাৰে চাংলাঙৰ নাদিপাৰৰ পৰা এন এছ চি এন-আৰৰ এজন শীৰ্ষ কেডাৰক আটক কৰে। কেডাৰজন এন এছ চি এন ৰিফৰ্মেচন গোটৰ টাউন কমাণ্ডাৰ কেপ্তেইন খিলপং খাংলিম ওৰফে জুগলী (৪৭) বুলি জানিব পৰা গৈছে। তেওঁ চাংলাঙৰ পুৰণি শালাং গাঁৱৰ বাসিন্দা।
দীৰ্ঘদিন ধৰি এন এছ চি এন-কেৰ সৈতে জড়িত আছিল ব্যক্তিজন। পিছলৈ তেওঁ এন এছ চি এন-আৰলৈ পলায়ন কৰে। সেনাৰ যৌথ দলটোৱে জুগলীক গ্ৰেপ্তাৰ কৰাৰ পৰ্যন্ত সামৰিক পোছাকতে আছিল। উল্লেখ্য যে, আৰক্ষীয়ে চাংলাঙৰ বহু অপৰাধমূলক গোচৰৰ বাবেও বিচাৰি আছিল জুগলীক।
Also Read: চিৰাঙত শীৰ্ষ দহটা স্থান লাভ কৰা পৰীক্ষাৰ্থীক সম্বৰ্ধনা...