/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/54a6bd7c-ad8f-4d41-bdef-9f9361a9116f/namrup_06.jpg)
নামৰূপ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত ফাঁকুৱা উদযাপন...
ডিজিটেল সংবাদ নামৰূপঃ হিন্দুসকলৰ ৰঙৰ উৎসৱ ফাঁকুৱা নামৰূপ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত সম্পূৰ্ণ আধ্যাত্মিক ৰীতিৰে উদযাপন কৰা হয়। এই উপলক্ষে প্ৰথমে মহাবিদ্যালয়ৰ অধ্যক্ষা স্মৃতি দত্ত বৰাই এগছি ভক্তি প্ৰদীপ প্ৰজ্বলন কৰি ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীসকলক ফাঁকুৱাৰ মহত্ব বিশ্লেষণ কৰে।
লগতে তেওঁ কয় যে, এগৰাকী নিপুণ শিক্ষকৰ নিজা বিষয়ৰ ওপৰত দখল থকাৰ উপৰিও অন্যান্য বিষয় বিশেষকৈ অসমৰ লোক সংস্কৃতিৰ ওপৰতো সম্যক জ্ঞান থকাটো বাধ্যতামূলক। তাৰ পৰিপ্ৰেক্ষিততে বি এড পাঠ্যক্ৰমত থকা শিক্ষাৰ লগত সংগীতৰ সম্পৰ্ক বিষয়ৰ লগতে পৰিৱেশ্য কলা, কণ্ঠ পৰিমাৰ্জন বিষয় সামৰি সাত দিনীয়া এখনি কৰ্মশালা অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/4207da61-e759-4ede-af67-056510d9a1b8/df6338ab_7dc3_4a53_8ea8_a3a77faf006d.jpg)
কৰ্মশালাত অন্যান্য বিষয়ৰ উপৰিও বৰগীত, লোকগীত , বনগীত আৰু হোলী গীতৰ প্ৰশিক্ষণ দিয়া হয় বুলি প্ৰসংগত উল্লেখ কৰে অধ্যক্ষ গৰাকীয়ে। এই কায্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অনাতাঁৰ কেন্দ্রৰ স্বীকৃতি প্ৰাপ্ত লোকসংগীতৰ শিল্পী স্মৃতি ৰেখা কলিতা ।
কৰ্মশালাৰ সামৰণি আৰু ফাল্গুত্সৱৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে আনুষ্ঠানিক ভাৱে ফাঁকুৱা উৎসৱ উদযাপন কৰে। বন্তি প্ৰজ্বলন কৰাৰ পিছতে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে আবিৰ সনা পৰম্পৰা ৰূপায়ন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d9ced6dd-a335-46a0-b401-ed4002a3e1c9/ecdd6f58_f37c_46da_a26b_abeddd0284b3.jpg)
শিক্ষক গোটৰ তৰফৰ পৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে ড০ নৱজ্যোতি কোঁৱৰ, কৰবি দত্ত, অপৰাজিতা বৰুৱা ফুকন, বিজয়লক্ষ্মী কাকতি শইকীয়া, তন্ময়ী তৃষ্ণা বৰুৱাই। ইয়াৰ পিছতে সমূহ ছাত্ৰ-ছাত্ৰীয়ে হোলী গীত পৰিবেশন কৰি উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি কৰে।
অনুষ্ঠানত খোল সংগত কৰে শান্তনু বৰাই। ব্যৱস্থাপনাত থাকে অক্ষয় প্ৰণৱ কলিতা। এই অনুষ্ঠানতে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মণি কান্ত চেতিয়াক সকলোৰে তৰফৰ পৰা বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0391fa6a-55c2-4d9a-9491-f6bbf1b85f5d/995e3df1_5b51_4911_a1a9_23ca3f91e65b.jpg)
Also Read: কিয় হৈছে? এতিয়া মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰিব কোনে...