কিয় হৈছে? এতিয়া মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰিব কোনে...

কিয় হৈছে? এতিয়া মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰিব কোনে...
কিয় হৈছে? এতিয়া মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰিব কোনে...

মৃদুল কুমাৰ সন্দিকৈ

বহু আশা, পৰিশ্ৰম ভৰা প্ৰস্তুতিৰ অন্তত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হয়। জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ পৰিয়াল আৰু অভিভাৱকসকলেও নিজৰ সন্তানৰ বাবে ত্যাগ কষ্ট স্বীকাৰ কৰে।

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাত চৰকাৰ, ছেবা, শিক্ষা সংসদ, শিক্ষক, নিৰীক্ষক সকলোৰে দায়িত্ব থাকে। আজি কিছু বছৰৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাটো এক সাধাৰণ ঘটনা হৈ পৰিছে।

২০২৩ বৰ্ষৰ অনুষ্ঠিত হৈ থকা মেট্ৰিক পৰীক্ষাৰ দুটা বিষয়ৰ পৰীক্ষাহে অনুষ্ঠিত হৈছে। এই দুয়ো দিনৰ পৰীক্ষাতে প্ৰশ্ন কাকত ফাদিল হোৱাকে ধৰি গুৰুত্বপূৰ্ণ বিসংগতিৰ কথা পোহৰলৈ আহিছে।

প্ৰথমদিনাৰ ইংৰাজী পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেল হৈ পৰাৰ পাছত দ্বিতীয় দিনৰ গণিত বিষয়ৰ প্ৰশ্ন কাকতো হোৱাটছএপে হোৱাটছএপে বিয়পি পৰিল। যাৰ পৰিণতিত এনে বিসংগতি দেখা দিয়া পৰীক্ষা কেন্দ্ৰসমূহৰ পৰীক্ষা বাতিল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিবলগীয়া হ'ল।

শিক্ষা সংসদে অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ প্ৰশ্ন কাকতো আগতিয়াকৈ লাভ কৰা বুলি এজন ছাত্ৰই মুকলিকৈ অভিযোগ কৰিলে। প্ৰশ্নকাকত কোনে, কিয় ফাদিল কৰিছে, পৰীক্ষা শেষ নহওঁতেই পৰীক্ষাগৃহৰ বাহিৰলৈ সেই প্ৰশ্ন কাকতবোৰ কোনে উলিয়াই দিছে সেয়া এক তদন্তৰ বিষয়।

ছেবা আৰু শিক্ষা সংসদৰ নিয়ম অনুসৰি এক পৰিকল্পিত নিয়ম আৰু নিৰাপদ ব্যৱস্থাৰ জৰিয়তে প্ৰশ্নকাকতসমূহ পৰীক্ষাগৃহলৈ প্ৰেৰণ কৰা হয়। সেই প্ৰক্ৰিয়াতে কিবা বিসংগতি আছেনেকি বা সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰসমূহত থকা দায়িত্বশীল শিক্ষক বিষয়াৰ জৰিয়তে এইবোৰ বাহিৰলৈ আহেনেকি সেয়া তদন্ত কৰিবলগীয়া বিষয়।

আশা কৰা হৈছিল শিক্ষাখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তত্বৱধানত পৰীক্ষা সুকলমে অনুষ্ঠিত হ'ব। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিভাগীয় মন্ত্ৰী হিচাপে সেই দায়িত্ব পালন কৰিব পাৰিব। ছেবা, শিক্ষা সংসদত থকা বৰমূৰীয়া সকলে এই ক্ষেত্ৰত অধিক সতৰ্ক হ'ব বুলি ভবা হৈছিল।

কিন্তু এইসকলোবোৰ দিশতেই বিফলতাৰ মুখ দেখিছে চৰকাৰে, শিক্ষা সংসদে আৰু শিক্ষামন্ত্ৰীয়ে। ইয়াৰ কুফল ভোগ কৰিছে নিৰীহ ছাত্ৰ-ছাত্ৰীয়ে। শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত ড০ হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱা শিক্ষানুষ্ঠানৰ মূৰব্বীসকলক মাতি আনি ভালদৰে এজাওৰি দিছিল।

আনকি তেনে শিক্ষকসকলক স্বইচ্ছাই অৱসৰ ল'বলৈ বাধ্য কৰোৱাৰ এক পৰিৱেশ গঢ়িছিল। এই বিষয়টোক লৈ সেই সময়ত যথেষ্ট চৰ্চা হৈছিল। ২০২৩ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪ লাখ ২২ হাজাৰ ১৭৪ গৰাকী ছাত্ৰা-ছাত্ৰী অৱতীৰ্ণ হৈছে।

একদৰে উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাত ৩ লাখ, ৪২ হাজাৰ,৮৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দি আছে। প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছত ইয়াৰ দায়িত্ব এতিয়া কোনে ল'ব? চৰকাৰে ফলাফল বেয়া হোৱা বহু বিদ্যালয় বন্ধ কৰি দিছে।

শিক্ষক, বিদ্যালয়সমূহৰ ওপৰত কঠোৰ হোৱাটো ভাল কথা। কিন্তু সুকলমে পৰীক্ষা পাতিব নোৱাৰোটো তাতোকৈ পৰিতাপৰ কথা। এতিয়া কোনে থিয় কৰাব মুখ্যমন্ত্ৰীক, কোনে কাঠগড়াত উঠাব শিক্ষামন্ত্ৰী, ছেবাৰ অধ্যক্ষ, শিক্ষা সংসদৰ অধ্যক্ষক?

কাৰোতে সাধ্য নাই এইসকলক সুধিবলৈ যে, কেনেকৈ প্ৰশ্নকাকত বাৰে বাৰে ফাদিল হৈছে। শিক্ষকক স্বইচ্ছাই অৱসৰত যাবলৈ দিয়াৰ দৰে শিক্ষাবিভাগৰ দায়িত্বত থকা মন্ত্ৰী ৰণোজ পেগুক সেই পদৰ পৰা স্বইচ্ছাই এটা পৰীক্ষা ভালদৰে পাতিব নোৱাৰাৰ অপৰাধত পদত্যাগ কৰিবলৈ দিব নালাগেনে?

ছেবাৰ অধ্যক্ষগৰাকীক ইয়াৰ দোষত দোষী সাব্যস্ত কৰাৰ প্ৰয়োজন নাইনে ?ইমানবোৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতকলৈ বাৰে বাৰে খেলা হৈছে। বিষয়টোক উপযুক্ত তদন্ত কৰাৰ বিপৰীতে তেনে হোৱা নাই বুলি এটা বিবৃত্তি দিয়েই ছেবা, শিক্ষা সংসদৰ বৰমূৰীয়া সকলে দায়িত্ব সামৰিছে।

অথচ এই ছেবাকেই নিযুক্তি সম্পৰ্কীয় বহু পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দিয়া হয়। সেই পৰীক্ষাবোৰৰ প্ৰশ্ন কাকত কিন্তু ফাদিল হোৱা বুলি খবৰ নোলায়। ছেবা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত স্থানপ্ৰাপ্তসকলক লৈ কিছু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্তা পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিবলৈ প্ৰতিযোগিতাত নামে।

এনে অভিযোগ আছে যে, ভাল ফলাফলৰ আশাত ছেবা আৰু শিক্ষাখণ্ডৰ কিছু বিষয়াৰ সৈতে তেওঁলোকৰে মিতিৰালি থাকে। সেয়া কোনোবা সাধাৰণ মানুহে কৰা অভিযোগ নহয়। এটা দায়িত্বশীল পদবীত থাকি ছেবা বা শিক্ষাসংসদৰ বিৰুদ্ধে অভিযোগ তোলা এই বিষয়টো কম পৰিতাপৰ কথা নহয়।

মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পাছত সময় অনুসৰি বহু পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিয়াৰ সুযোগ নাপাব। তেওঁলোকৰ ওপৰত এক তীব্ৰ মানসিক চাপ নিসন্দেহে পৰিব। কেতিয়ালৈ অন্ত পৰিব এইবোৰ লৰা ধেমালী?

সঠিক আৰু সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ শিক্ষা সংসদ আৰু ছেবাৰ বিষয়ববীয়াসকলে ব্যৱস্থা গ্ৰহণ কৰিব কেতিয়া? এই অপৰাধী চক্ৰক বিচাৰি উলিওৱাৰ দায়িত্ব আৰক্ষীৰ।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ কথা প্ৰায়েই কৈ থাকে। গুণগত ভাৱে পৰীক্ষা এটা অনুষ্ঠিত কৰিব নোৱাৰা ৰণোজ পেগুৱে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক অৱস্থাৰ কথা বুজি পাবনে?

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা এতিয়া যেন কেৱল পাতিব লাগে বাবেই পাতি দায়িত্ব সামৰিব খোজে এইসকলে।

কিয় হৈছে? এতিয়া মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰিব কোনে...
NDPP আৰু BJP লৈ সকলোৰে বিনাচৰ্ত সমৰ্থনঃ গঠন হ'ব সৰ্বদলীয় চৰকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in