BVFC উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিঃৰাজপথত ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ...

BVFC উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিঃৰাজপথত ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ...
BVFC উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিঃৰাজপথত ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ...

ডিজিটেল সংবাদ নামৰূপঃ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাৰ অধীনৰ বি ভি এফ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্তৃপক্ষই শেহতীয়াভাবে নিযুক্তি দিয়া অধ্যক্ষগৰাকী অনভিজ্ঞ আৰু নীতিবৰ্হিভূত নিযুক্তি বুলি অভিযোগ তুলি অধ্যক্ষৰ অপসাৰণৰ দাবীৰে আজি ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী বৰ্জন কৰি ৰাজপথলৈ ওলাই আহে। ছাত্ৰ-ছাত্ৰীসকল ৰাজপথলৈ ওলাই আহি পথ অৱৰোধ কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।   

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে কৰ্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তক কোনো কাৰণতে গ্ৰহণ  নকৰাৰ ঘোষণা কৰি বি ভি এফ চি এল মেনেজমেণ্ট হায় হায়, অধ্যক্ষ ধ্ৰুৱ চাৰিঙিয়া গ' বেক আদি শ্লোগানেৰে উত্তাল পৰিবেশ সৃষ্টি কৰে। উল্লেখযোগ্য যে, প্ৰায় ছয় মাহ পূৰ্বে   বি ভি এফ চি এল কৰ্তৃপক্ষই ধ্ৰুৱ চাৰিঙিয়া নামৰ উদ্যোগটোৰ প্লাণ্টত কৰ্মৰত  এগৰাকী কাৰিকৰী বিষয়াক অধ্যক্ষ হিচাপে নিযুক্ত কৰিছিল । 

কিন্ত বিদ্যালয়খনৰ পূৰ্বৰ অধ্যক্ষ বৰ্ণালী চেতিয়াক আঁতৰাই তেওঁৰ পৰিৱৰ্তে নামৰূপ সাৰ কাৰখানাৰ এজন বিষয়াক অধ্যক্ষ আসনৰ দায়িত্ব প্ৰদান কৰাত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক, শিক্ষয়িত্ৰী সকলো ক্ষোভিত হৈছিল। লক্ষণীয় যে, বিদ্যালয়খন কোনো ঠিকাদাৰক গতাই দিয়াৰ বিৰোধিতা,শিক্ষকসকলৰ নিযুক্তি স্থায়ী কৰণ কৰা আৰু এগৰাকী অধ্যক্ষই কাৰ্য্য নিৰ্বাহ কৰা অৱস্থাত আন এজনক পুনৰ নিযুক্তি দিয়া আদি সকলো বিষয় লৈ শিক্ষকসকল অক্টোবৰ মাহত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।    

উচ্চ ন্যায়ালয়ত গোচৰ চলি থকা সময়তে আজি মঙলবাৰে ছাত্ৰ-ছাত্ৰীসকলেও নতুন অধ্যক্ষগৰাকী আঁতৰোৱাৰ দাবীত শ্ৰেণী বৰ্জন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ-ছাত্ৰীসকলে নতুন অধ্যক্ষগৰাকীয়ে সুৰা পান কৰি বিদ্যালয়লৈ অহা বুলিও অভিযোগ  উত্থাপন কৰে। 

ছাত্ৰ-ছাত্ৰীৰ ৰুদ্ৰ মূৰ্তি দেখি বি ভি এফ চি এল কৰ্তৃপক্ষই বিদ্যালয়লৈ আহি পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিও বিফল হোৱাত নামৰূপৰ আৰক্ষী মোতায়েন কৰিবলগীয়া হয়।   ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰি কয় যে, অধ্যক্ষ বৰ্ণালী চেতিয়া অস্থায়ী যদিও প্ৰায় দুটা দশকৰো অধিককাল বিদ্যালয়খনত শিক্ষকতা কৰি আছে। কিন্তু এই অধ্যক্ষগৰাকীক আঁতৰাই সাৰ কৰ্তৃপক্ষই বৰ্তমান শিক্ষকতাৰ অৰ্হতা নথকা এজন বিষয়াক অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে ৷

নামৰূপ সাৰ কাৰখানা কৰ্তৃপক্ষৰ এই সিদ্ধান্ত মানি নলয় বুলি স্পষ্ট কৰি দিয়ে ছাত্ৰ-ছাত্ৰীসকলে। ইফালে কৰ্তৃপক্ষই উক্ত অধ্যক্ষগৰাকীক নিযুক্তি দিয়াৰ পিছতে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰি ১৯ জুলাই ডিব্ৰুগড় জিলা উপয়ুক্তক এক স্মাৰক পত্ৰ দিছিল ।

সভাপতি অসীম ফুকন আৰু সাধাৰণ সম্পাদক অৰিন্দম ধাদুমীয়াই স্বাক্ষৰ কৰা স্মাৰক পত্ৰত শিক্ষকতাৰ অভিজ্ঞতা নথকা কৰ্মচাৰীক অধ্যক্ষ নিযুক্তি দিয়া আৰু কোনো বিজ্ঞাপন প্ৰকাশ নকৰাকৈ অধ্যক্ষ নিযুক্তি দিয়া কাৰ্যৰ বিৰোধিতা কৰি বাতিলৰ দাবী উত্থাপন কৰিছিল যদিও আশাপ্ৰদ ফল নেপাল বুলি জানিবলৈ দিয়ে।

BVFC উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিঃৰাজপথত ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ...
অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকালৈ 'অৰুণোদয়' সন্মান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in