ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ অসম পেট্ৰকেমিকেল পৰিদৰ্শন...

অসম পেট্ৰকেমিকেল পৰিদৰ্শন
অসম পেট্ৰকেমিকেল পৰিদৰ্শন

ডিজিটেল সংবাদ, নামৰূপঃ অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াই শুকুৰবাৰে নিশা ৭ বজাত অসম পেট্ৰকেমিকেলছ লিমিটেডত (এ পি এল) উপস্থিত হৈ প্রথমে এপিএলৰ ৫০০ টন মিথানল প্ৰকল্পৰ পৰিদৰ্শন  কৰে। পৰিদৰ্শনৰ অন্তত ৰাজ্যপাল কাটাৰীয়াই কয় যে, "এনে এটা প্ৰকল্প নিৰ্মাণ কৰি সম্পূৰ্ণ কৰাটো অতি ছেলেঞ্জৰ কাম ।" সেয়ে এ পি এল ৰ বিষয়া, কৰ্মচাৰীসকলক ৰাজ্যপালগৰাকীয়ে অভিনন্দন জনায় । লগতে কয় যে, "এ পি এলৰ এই প্ৰকল্পই অসমৰ  চুবুৰীয়া  ৰাষ্ট্ৰ ভূটান, বাংলাদেশ, নেপাললৈ ৰপ্তানি কৰি বাণিজ্যিক প্ৰসাৰতা লাভ কৰিব ফলশ্ৰুতিত  সকলো দিশৰ পৰা অসমবাসীৰ উপকৃত হ'ব।"    

সম্বৰ্ধনা
সম্বৰ্ধনা

ইয়াৰ পিছতে এ পি এলৰ অতিথিশালাত এ পি এলৰ পৰিয়ালে গামোচা, শৰাই, সঁফুৰা, ফুলৰ থোপাৰে আদৰণি জনায় । এই কায্যসূচীত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, এ পি এলৰ অধ্যক্ষ বিকুল ডেকা, পৰিচালন সঞ্চালক ৰাজনিশ গগৈ, উপাধ্যক্ষ হেমন্ত গগৈ, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু, আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ, আয়ুক্ত আৰু অসমৰ ৰাজ্যপালৰ সচিব এছ এছ মীনাক্ষী সুন্দৰম (আই এ এছ), নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈ উপস্থিত থাকে।

সম্বৰ্ধনা
সম্বৰ্ধনা

আনহাতে বিয়লি প্ৰায় ৬ বজাত ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ নাহৰকটীয়া বৌদ্ধ বিহাৰ পৰিদৰ্শন কৰে। উজনি অসমৰ পৰ্যটনৰ প্ৰাণকেন্দ্ৰ তথা টাই জনগোষ্ঠীসকলৰ বসতিস্থল নামফাকে গাওঁ পৰিদৰ্শনৰ উদ্দেশ্যৰে ৰাজ্যপালগৰাকীয়ে গাওঁখনত প্ৰৱেশ কৰি জনগোষ্ঠীটোৰ লোকাচাৰ সমূহ দেখি অভিভূত হৈ পৰে ।

লগতে ৰাজ্যপালগৰাকীয়ে মন্দিৰত উপস্থিত স্থানীয় লোকসকলক উদ্দেশি কয়, "আজি পৰ্যন্ত সাজপাৰ খাদ্যভাসৰ লগতে যি সমূহ লোকাচাৰ পৰম্পৰা ধৰি ৰাখিছে উঠি অহা প্ৰজন্মকো যাতে সেই জ্ঞান দি সেই দিশেৰে আগুৱাই নিয়ে।" লগতে তেখেতে ডিব্ৰুগড় জিলাৰ উপায়ুক্তক আৰু স্থানীয় বিধায়ক তৰংগ গগৈক গাওঁখনৰ বাবে তেওঁ কৰিব পৰা কিবা থাকিলে জনাবলৈ অনুৰোধ জনায়।

অসম পেট্ৰকেমিকেল পৰিদৰ্শন
বিশেষ ক্রীড়া প্রশিক্ষণ, ESIC ডাক্তৰ ছাৰ্ভিচ ২০২০ৰ সংশোধনৰে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in