/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4a22e131-4bce-4496-9b5a-b617c3bfb875/sabua_28.jpg)
চাবুৱাৰ সাংবাদিকৰ অভিনৱ কাৰ্যসূচীঃ মূল্যবৃদ্ধি হ্ৰাসৰ বাবে শাক-পাচলি বিক্ৰী, লাভৰ ধনেৰে বান সাহায্য প্ৰদান
ডিজিটেল ডেস্কঃ খবৰ সংগ্ৰহতে ব্যস্ত নাথাকি একাংশ সাংবাদিক ওলাই আহিছে মানৱ সেৱাৰ বাবে। সাধাৰণ ৰাইজক খাদ্য, সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণ দিবলৈ কম মূল্যত শাক-পাচলি যোগান ধৰাৰ লগতে সেই শাক-পাচলি বিক্ৰী কৰি হোৱা লাভৰ ধনেৰে বানবিধ্বস্ত অঞ্চলত যোগান ধৰিছে খাদ্য, সামগ্ৰী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e02168ff-c8a9-4d0f-9171-9f3418a8db06/1dc05664_1fdc_46e1_9a1a_3c5b261fad1c.jpg)
চাবুৱাৰ সাংবাদিকসকলৰ এই কাৰ্যক এতিয়া সকলোৱে একেমুখে শলাগ লৈছে। উল্লেখ্য যে, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অভ্যন্তৰত এখন গাঁৱৰ ৰাইজে বিগত দিনসমূহত কেৱল নদীৰ পানী খায়েই কৰি আছে জীৱন নিৰ্বাহ।
এই গাঁওঁখনত নাই কোনো চিকিৎসাৰ ব্যৱস্থা, নাই বিদ্যালয়। বন্য জীৱ, জন্তুৰ দৰেই হাবিৰ মাজত বসবাস কৰা মিচিং জনগোষ্ঠীৰ এই ভূমিপুত্ৰ লোকসকলে এটুপি বিশুদ্ধ খোৱা পানীৰ লগতে খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/edade7f7-01c4-486c-b6ca-5f88aec33a7b/47f3b1b7_2952_451b_aee6_ea62d919b652.jpg)
যোৱা বৰ্ষত দধীয়াত চিয়াং নদীৰ খহনীয়াত গৃহহীন হৈ আশ্ৰয়ৰ অভাৱত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বহু পৰিয়ালে ঘৰ নিৰ্মাণ কৰি আশ্ৰয় গ্ৰহণ কৰিছিল।চৰকাৰী আঁচনিয়ে ঢ়ুকি নোপোৱা অঞ্চলটোত সেয়ে ৰাইজক প্ৰথমবাৰৰ বাবে কিছু সহায় কৰিবলৈ উপস্থিত হ'ল চাবুৱা প্ৰেছ ক্লাবৰ এটি দল।
মন কৰিবলগীয়া যে, যোৱা এটা সপ্তাহৰ পৰা চাবুৱা প্ৰেছ ক্লাবে চাবুৱাত মূল্যবৃদ্ধি হ্ৰাস কৰাৰ লক্ষ্যৰে সাংবাদিকসকলে কম মূল্যত ৰাইজক শাক -পাচলি বিক্ৰী কৰি আহিছে। এই ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা হোৱা লাভৰ ধনেৰে সাংবাদিকসকলে এই বানবিধ্বস্ত গাঁৱৰ ৰাইজক শাক -পাচলিৰ লগতে অন্যান্য সামগ্ৰী লৈ কিছু সহায় দিয়াৰ চেষ্টা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/aacd66de-d098-48d7-819a-303b1e538f49/154fa0c4_eb72_4bbb_8620_7d3500ce59f7.jpg)
সেই উদ্দেশ্যৰে খাদ্য, সামগ্ৰী লৈ সাংবাদিকৰ দলটো উপস্থিত হয় গৈ ৰাষ্টীয় উদ্যোনখনৰ ভিতৰত থকা নতুন গাঁৱত। ইফালে চাবুৱা প্ৰেছ ক্লাৱৰ এনে উদ্যোগক প্ৰশংসা কৰি মানৱদৰদী আন বহু কেইজন লোকেও ইচ্ছাকৃত ভাৱেই সহায় কৰিবলৈ আগবাঢ়ি আহিছে।
Also Read: গৰম বন্ধ উপলক্ষে বন্ধুৰ ঘৰলৈ ফুৰিব যোৱা ছাত্ৰৰ কৰুণ মৃত্যু...