গৰম বন্ধ উপলক্ষে বন্ধুৰ ঘৰলৈ ফুৰিব যোৱা ছাত্ৰৰ কৰুণ মৃত্যু...
গৰম বন্ধ উপলক্ষে বন্ধুৰ ঘৰলৈ ফুৰিব যোৱা ছাত্ৰৰ কৰুণ মৃত্যু...

গৰম বন্ধ উপলক্ষে বন্ধুৰ ঘৰলৈ ফুৰিব যোৱা ছাত্ৰৰ কৰুণ মৃত্যু...

ডিজিটেল ডেস্কঃ মঙলদৈ থানাৰ অন্তৰ্গত গাধোৱা নতুন বজাৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। পানীত পৰি অকাল মৃত্যুক সাৱটিলে এটি ১৫ বছৰীয়া কিশোৰে।

জানিব পৰা মতে গৰম বন্ধ উপলক্ষে ধুলাৰ এই ছাত্ৰজন বন্ধুৰ ঘৰলৈ ফুৰিব আহিছিল। তাৰ পাছতে বন্ধুৰ সৈতে নদীত গা ধুবলৈ গৈ এই অঘটনৰ সন্মুখীন হয়।

এইদৰে অকাল মৃত্যুক সাৱটি লোৱা ছাত্ৰজনৰ নাম ছোলেমান আলি। ইফালে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে, ছাত্ৰজন পানীত ডুবাৰ পাছতে এছ ডি আৰ এফ বাহিনীক খবৰ দিয়া হৈছিল।

কিন্তু প্ৰায় ২ ঘণ্টা পলমকৈ আহি ঘটনাস্থলিত উপস্থিত হয় এছ ডি আৰ এফৰ দলটো। তেতিয়ালৈকে স্থানীয় ৰাইজে আপ্ৰাণ চেষ্টাত পানীৰ তলৰ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

সেয়ে সাধাৰণ ৰাইজৰ প্ৰশ্ন, মঙলদৈ চহৰৰ পৰা গাধোৱা বজাৰলৈ মাত্ৰ ডেৰ কিলোমিটাৰৰ বাট। যদি এই ডেৰ কিলোমিটাৰ আহোঁতেই এছ ডি আৰ এফক ২ ঘণ্টা সময়ৰ প্ৰয়োজন হয় তেন্তে দুৰ্গম স্থানৰ লোকক তেওঁলোকে কিদৰে উদ্ধাৰ কৰিব?

গৰম বন্ধ উপলক্ষে বন্ধুৰ ঘৰলৈ ফুৰিব যোৱা ছাত্ৰৰ কৰুণ মৃত্যু...
ধেমাজিৰ অসম-অৰুণাচল সীমান্তত তৈল খেজুৰ গছ ৰোপণৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in