টেঙাখাতত বানক্ষতিগ্ৰস্তক বিবেকানন্দ কেন্দ্ৰৰ সাহাৰ্য প্ৰদান

টেঙাখাতত বানক্ষতিগ্ৰস্তক বিবেকানন্দ কেন্দ্ৰৰ সাহাৰ্য প্ৰদান

author-image
Asomiya Pratidin
New Update
টেঙাখাতত বানক্ষতিগ্ৰস্তক  বিবেকানন্দ কেন্দ্ৰৰ সাহাৰ্য প্ৰদান

ডিজিটেল সংবাদ, টেঙাখাত: ২জুলাইত বুঢ়ীদিহিং নদীৰ বানত ঘোমতালত মথাউৰি ছিগাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা একাংশ বানাক্ৰান্ত ৰাইজক শনিবাৰে বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰী ডিব্ৰুগড় শাখাৰ তৰফৰ পৰা সাহাৰ্য প্ৰদান কৰা পৰিলক্ষিত হয় । বিবেকানন্দ কেন্দ্ৰৰ পুৰুষ মহিলাৰ এটি বৃহৎ দলৰ লগতে ডিব্ৰুগড়ৰ জ্যেষ্ঠ নাগৰিক তথা নগৰ সঞ্চালিকা ড° কুঞ্জলতা দেৱী, ডিব্ৰুগড় নগৰ প্ৰমুখ জ্যোৎস্না দেৱী আদিৰ উপস্থিতি থাকে।

Advertisment

বানাক্ৰান্ত গাওঁ ১ নং বৰবাম দাহাল গাওঁ তথা ওচৰ চুবুৰীয়া কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত প্ৰয়োজনীয় সামগ্ৰীৰ লগতে সাজপাৰ বিতৰণ তথা ছাত্ৰ-ছাত্ৰীৰ মাজত বহী কাগজ আদি সামগ্ৰী বিতৰণ কৰে। বিবেকানন্দ কেন্দ্ৰৰ এনে মহান কাৰ্যসূচীক সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

Also Read: মানকাচৰত সম্পূৰ্ণতা অভিযান: গৰ্ভৱতী মহিলা, শিশুৰ স্বাস্থ্য পৰীক্ষা

tengakhat