মানকাচৰত সম্পূৰ্ণতা অভিযান: গৰ্ভৱতী মহিলা, শিশুৰ স্বাস্থ্য পৰীক্ষা

মানকাচৰত সম্পূৰ্ণতা অভিযান: গৰ্ভৱতী মহিলা, শিশুৰ স্বাস্থ্য পৰীক্ষা

author-image
Asomiya Pratidin
New Update
মানকাচৰত সম্পূৰ্ণতা অভিযান: গৰ্ভৱতী মহিলা, শিশুৰ স্বাস্থ্য পৰীক্ষা

ডিজিটেল সংবাদ, মানকাচৰ: দেশৰ ১১২ খন আকাংক্ষিত জিলাৰ ৫০০ টা উন্নয়ন খণ্ডই সকলো উন্নয়নৰ সূচকত পৰিপূৰ্ণতা লাভ কৰাৰ উদ্দেশ্যে দেশজুৰি সম্পূৰ্ণতা অভিযান আৰম্ভ কৰা হৈছে। এই উন্নয়ন খণ্ডসমূহৰ ভিতৰত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফেকামাৰী উন্নয়ন খণ্ডও আছে। ভাৰত চৰকাৰৰ নীতি আয়োগৰ নিৰ্দেশ মতে ৰাজ্যজুৰি জিলাই জিলাই স্বাস্থ্য বিভাগে সম্পূৰ্ণতা অভিযান আৰম্ভ কৰিছে।

Advertisment

দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো চলিত মাহৰ পৰা সম্পূৰ্ণতা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ জৰিয়তে প্ৰতিখন গাঁৱত ৩০বছৰৰ উৰ্ধৰ সকলো লোকক ডায়েবেটিছ আৰু উচ্চৰক্ত চাপ চিনাক্তৰ বাবে স্ক্ৰীনিং কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি গৰ্ভৱতী মহিলাসকলৰ বাবে প্ৰথম এএনচি ট্ৰিমষ্টাৰ আৰু শূন্যৰ পৰা ১ বছৰৰ শিশুক এফ আই চি (Full Immunization Coverage) প্ৰদানৰ ব্যৱস্থা হাতত লোৱা হৈছে।

জিলাখন প্ৰায় ৭০ হাজাৰ ৩০ বছৰ উৰ্ধৰ লোকক ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ স্ক্ৰীনিং কৰাৰ বাবে জিলা আৰু পৰিয়াল কল্যাণ বিভাগে অভিযান চলাই আছে। জিলাখনত ১০০ শতাংশ লোকক এই স্ক্ৰীনিং কৰা হব বুলি জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জিলা আঁচনি প্ৰৱন্ধক ৰুফুল আমিন মণ্ডলে জানিবলৈ দিছে। লক্ষণীয় যে, অহা ৩০ ছেপ্টেম্বৰ তাৰিখে এই সম্পূৰ্ণতা অভিযানৰ সামৰণি পৰিব। এই সম্পূৰ্ণতা অভিযানৰ মূল উদ্দেশ্য হৈছে উন্নয়নৰ সূচকসমূহৰ ক্ষেত্ৰত সম্পূৰ্ণ সফলতা লাভ কৰা।

Also Read: গৰমে দহিছে অৰুণাচলবাসীক: উৎকট গৰমত ৰখাই থোৱা অৱস্থাতে জ্বলিল মটৰ চাইকেল

sampoornata abhiyan mankachar