নামৰূপত অগ্নিকাণ্ডঃ ৫খন ব্যৱসায় প্ৰতিষ্ঠান ভস্মীভূত...

বিদ্যুৎ চৰ্ট চাৰ্কিত হৈ অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ
 নামৰূপত অগ্নিকাণ্ডঃ ৫খন ব্যৱসায় প্ৰতিষ্ঠান ভস্মীভূত...
নামৰূপত অগ্নিকাণ্ডঃ ৫খন ব্যৱসায় প্ৰতিষ্ঠান ভস্মীভূত...

ডিজিটেল সংবাদ,নামৰূপঃ বুধবাৰে নিশা প্ৰায় ১২ বজাত নামৰূপ সোণাৰী তিনিআলিৰ সাহিত্য সভা প্ৰেক্ষাগৃহৰ চৌহদত থকা ব্যৱসায় প্ৰতিষ্ঠান সমূহত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত ৫খন দোকান ক্ষতিগ্ৰস্ত হয়। বিদ্যুৎ চৰ্ট চাৰ্কিত হৈ অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। উক্ত অগ্নিকাণ্ডত ৩ খন দোকান প্ৰায় ৮০ শতাংশই ভস্মীভূত হয়। ক্ষতিগ্ৰস্ত দোকানসমূহ পণ্ডিত ইলেকট্ৰ'নিকচ,বিজয় কমিউনিকেশ্বন চেন্টাৰ,নামৰূপ জুৱেলাৰী, এটি কলি দুটি পাত ৰাতুল অপটিকেল আৰু লক্ষ্য চিল্ক।

নিশা প্ৰায় ১২ বজাত জুই দেখি প্ৰত্যক্ষদৰ্শীয়ে দোকানৰ স্বত্বাধিকাৰীসকলক খবৰ দিয়া লগতে বি ভি এফ চি এল,অসম পেট্ৰ'কেমিকেলচ আৰু নাহৰকটীয়াৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। অতি কম সময়ৰ ভিতৰত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ প্ৰায় ২ ঘণ্টা সময় যুঁজি জুই নুমুৱাই যদিও ৩খন দোকান প্ৰায় ৮০ শতাংশ জ্বলি নিঃশেষ হয়।

বহু চেষ্টাৰ অন্তত অৱশেষত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডৰ ফলত হোৱা লোকচানৰ পৰিমাণ এতিয়াও নিশ্চিতভাৱে জানিব পৰা নাই।

 নামৰূপত অগ্নিকাণ্ডঃ ৫খন ব্যৱসায় প্ৰতিষ্ঠান ভস্মীভূত...
'অৰুণোদয় ফৰ্মৰ প্ৰলোভনেৰে মিটিঙলৈ মানুহ আনিলে বিজেপিয়ে ভোট নাপাই'- উদয় শংকৰ হাজৰিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in