সদৌ অসম আদিবাসী ছাত্র সন্থা জকাই আঞ্চলিক সমিতিৰ উদ্যোগত কৃতী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান...

সদৌ অসম আদিবাসী ছাত্র সন্থা জকাই আঞ্চলিক সমিতিৰ উদ্যোগত কৃতী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
সদৌ অসম আদিবাসী ছাত্র সন্থা জকাই আঞ্চলিক সমিতিৰ উদ্যোগত কৃতী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান...

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ চাহ জনগোষ্ঠীয় ছাত্র-ছাত্ৰী সকলৰ মাজত শৈক্ষিক বিপ্লৱৰ সূচনাৰে ডিব্ৰুগড়ৰ চেঁচা চাহ শ্ৰমিক ক্লাৱত সদৌ অসম আদিবাসী ছাত্র সন্থা জকাই আঞ্চলিক সমিতিৰ উদ্যোগত বাগিচাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰী সকলৰ এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। দেওবাৰে অনুষ্ঠিত এই অনুষ্ঠানৰ সভাপতিত্ব কৰে জকাই আঞ্চলিক সমিতিৰ সভাপতি হৃতেশ্বৰ উৰাঙে।

Advertisment

এই অনুষ্ঠানত বাগিচা অঞ্চলৰ ডেৰ-শতাধিক ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।আৰ্থিক দৈন্যতাকো নেওচি বাগিচাৰ ছাত্র-ছাত্ৰী সকলে কিদৰে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগে তাৰ ওপৰত বিস্তৃত বক্তব্য আগবঢ়াই ৰাজ্যিক চাহ মৰ্চাৰ কেন্দ্ৰীয় কাৰ্য নিবাহক সদস্য প্ৰণৱ তাঁতীয়ে।

অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কুৰুষ উড়াও সংঘৰ সভাপতি তথা ভাৰতীয় চাহ মজদুৰ সংঘৰ সভাপতি অশোক ওৰাং, জকাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কোষেশ্বৰ ভৰালি, জকাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কোষেশ্বৰ ভৰালি, প্ৰাক্তন শিক্ষক উজ্বল বৰুৱা, অসম চাহ মজদুৰ সংঘৰ বিষয়া সুৰেশ ৰাজোৱাৰকে ধৰি বহু গণ্য-মান্য ব্যক্তি।

Also Read: তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান...

felicitation