তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান...

তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান...

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ সদৌ মৰাণ ছাত্র সন্থাই দেওবাৰে ইয়াৰ উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত আয়োজিত এক অভিনন্দন আৰু বঁটা বিতৰণী অনুষ্ঠানৰ জৰিয়তে মৰাণ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা মৰাণ জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে শৈক্ষিক বঁটা প্ৰদান কৰে । ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণৰ সভাপতিত্ব অনুষ্ঠিত হয় অনুষ্ঠানটিৰ ।

অনুষ্ঠানত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন বঁটাৰে সন্মান জনোৱা হয় । উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯২ শতাংশ নম্বৰ লাভ কৰা জান মহন্তক 'ভূৱন চুতীয়া শৈক্ষিক বঁটা', ৯১.২০ শতাংশ নম্বৰ লাভ কৰা ৰাজদীপ বৰুৱাক 'ঘনকান্ত মৰাণ শৈক্ষিক বঁটা', উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯৪ .৬৭ শতাংশ নম্বৰ লাভ কৰা গায়ত্ৰী ফুকনক 'ৰবীন মৰাণ শৈক্ষিক বঁটা', ৯২.৬৭ শতাংশ নম্বৰ প্ৰাপ্ৰক প্ৰীতিতৃষ্ণা গোঁহাইক 'শ্ৰীশ্ৰীলিহিং চন্দ্ৰ মহন্ত শৈক্ষিক বঁটা', কেন্দ্ৰীয় শিক্ষা বৰ্ডৰ দ্বাদশ বৰ্ষৰ চূড়ান্ত পৰীক্ষাত ৯৫.৬ শতাংশ নম্বৰ লাভ কৰা কৃতিকা বড়াক 'মোহন শইকীয়া শৈক্ষিক বঁটা', ৮৭.২ শতাংশ নম্বৰ পোৱা অনামিকা মৰাণক 'ড° ফটিক চন্দ্ৰ বৰুৱা শৈক্ষিক বঁটা' আৰু ৯৫.৪ শতাংশ নম্বৰ প্ৰাপক প্ৰিয়াংকী গগৈক বিশেষ শৈক্ষিক বঁটাৰে সন্মানিত কৰা হয় ।

এই বঁটাসমূহত আছে নগদ ধন, অভিনন্দন পত্ৰ, গ্ৰন্থৰ টোপোলা, ফাইল, গামোছা, স্মাৰক আদি । মৰাণ ছাত্ৰ সন্থাৰ শৈক্ষিক ন্যাস পুঁজিৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটোত তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° সত্যকাম বৰঠাকুৰ, তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সতৈন্য বড়া, মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দ্বীপন মৰাণকে মুখ্য কৰি ভালেসংখ্যক বিশিষ্ট তথা আমন্ত্ৰিত অতিথি উপস্থিত থাকে । অনুষ্ঠানত মৰাণ ছাত্ৰ সন্থাৰ বাৰ্ষিক মুখপত্ৰ 'সৌমাৰ কাচিয়লি' উন্মোচন কৰে ড° নীহাৰিকা মৰাণে ।

তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান...
ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণিত গছপুলি ৰোপণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in