ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১, আহত ৩

ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১, আহত ৩

ডিজিটেল ডেস্কঃ ডিব্ৰুগড় বাইপাছৰ বকপৰা-খনিকৰত ভয়ংকৰ পথ দুৰ্ঘটনা। AS04 BC 9597 ব'লেৰ পিকআপ আৰু  AS04BC 0667 নম্বৰৰ ডাম্পাৰৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত থিতাতে এজন নিহত হোৱাৰ লগতে আহত হয় ৩ জন।

ডিব্ৰুগড় আৰক্ষীৰ কাণ্ডজ্ঞানহীনতাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ। জানিব পৰা মতে জনশূন্য অন্ধকাৰ পথত আৰক্ষীবিহীন বেৰিকেড ধৰিব নোৱাৰি তীব্ৰ বেগত মহতিয়াই নিয়াৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল দুয়োখন বাহন ছুচুৰ্মৈ হৈ যায়। আৰক্ষীয়ে  ৰিকভাৰিভান আৰু জেচিবিৰ ব্যৱস্থা কৰি কেওজনকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে AMCH লৈ প্ৰেৰণ কৰা গুৰুতৰভাৱে আহত দুজনৰ অৱস্থা সংকটজনক। হতাহতসকলৰ পৰিচয় বৰ্ত্তমানলৈ উদ্ধাৰ কৰা হোৱা নাই।

ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১, আহত ৩
মস্কোৰ ভাৰতীয় দূতবাসত পাকিস্তানৰ এজেন্ট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in