জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত নাহৰকটীয়া আৰু দুলীয়াজানত ভূমিৰ পট্টা বিতৰণ...

নাহৰকটীয়া সমষ্টিত ৪২৮২ টা, দুলীয়াজান সমষ্টিৰ ৩৭৫৭ টা পৰিয়ালক ভূমিৰ পট্টা প্ৰদান
জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত নাহৰকটীয়া আৰু দুলীয়াজানত ভূমিৰ পট্টা বিতৰণ...
জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত নাহৰকটীয়া আৰু দুলীয়াজানত ভূমিৰ পট্টা বিতৰণ...

ডিজিটেল সংবাদ ডিব্ৰুগড়ঃ খিলঞ্জীয়া লোকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ লক্ষ্যৰে আৰম্ভ হোৱা মিছন বসুন্ধৰা ২.০ অভিযানৰ অংশ হিচাপে আজি অসম চৰকাৰৰ জনস্বাস্থ্য- কাৰীকৰি, দক্ষতা বিকাশ আৰু পৰ্যটন ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দুলীয়াজান বিধানসভা সমষ্টিৰ মুঠ ৩,৭৫৭ গৰাকী আৰু নাহৰকটীয়া বিধানসভা সমষ্টিত ৪,২৮২ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ভূমিৰ পট্টা বিতৰণ কৰে ।

অনুষ্ঠানটোত উপস্থিত ৰাইজক সম্বোধন কৰি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে, মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্ৰহণ কৰা আৰু খিলঞ্জীয়া লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা এই পদক্ষেপে ভূমিজনিত সমস্যাসমূহৰ সমাধান আৰু সামাজিক সমতাৰ সৃষ্টি কৰাৰ লগতে অসমৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিব।

মন্ত্ৰী বৰুৱাই লগতে কয় যে, মিছন বসুন্ধৰা ১.০ আৰু ২.০ ৰ সফলতাৰ পিছত ভূমি সংক্ৰান্তীয় সমস্যাৰ সমাধান আৰু উন্নয়নমূলক কামকাজৰ বাবে প্ৰয়োজনীয় ৰাজহ বৃদ্ধিৰ উদ্দেশ্যে মিছন বসুন্ধৰা ৩.০ৰ অধীনত আমাৰ চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ সেৱা আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে। এক ডিজিটেলাইজ মাধ্যমৰে সকলোৰে উমৈহতীয়া প্ৰচেষ্টা আৰু অংশীদাৰীত্বই মিছন বসুন্ধৰা ৩.০ক সফলতাৰ চৰম শিখৰলৈ লৈ যাব বুলি মোৰ দৃঢ় বিশ্বাস থকা বুলিও মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে ।

নাহৰকটীয়াৰ নগাওঁ হাজোৱা পথাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ভূমিৰ পট্টা বিতৰণ কাৰ্যসূচীত ভাৰত চৰকাৰৰ পেট্ৰলিয়াম ও প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ প্ৰমুখ্যে স্থানীয় বিশিষ্ট ব্যক্তি তথা ৰাইজ উপস্থিত থাকে। একেদৰে দুলীয়াজানৰ বিহুতলী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ভূমিৰ পট্টা বিতৰণ কাৰ্যসূচীত দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰচ গোৱালা প্ৰমুখ্যে স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত নাহৰকটীয়া আৰু দুলীয়াজানত ভূমিৰ পট্টা বিতৰণ...
কাৰ্বি পৰিষদৰ পদক্ষেপক আদৰণি অগ্ৰণী বড়ো সংগঠনৰ....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in