কাৰ্বি পৰিষদৰ পদক্ষেপক আদৰণি অগ্ৰণী বড়ো সংগঠনৰ....

কাৰ্বি আংলং জিলাৰ লাংহিনত গুৰুত্বপূৰ্ণ সভা সম্পন্ন
কাৰ্বি পৰিষদৰ পদক্ষেপক আদৰণি অগ্ৰণী বড়ো সংগঠনৰ....
কাৰ্বি পৰিষদৰ পদক্ষেপক আদৰণি অগ্ৰণী বড়ো সংগঠনৰ....

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ লাংহিনত বৃহস্পতিবাৰে কাৰ্বি আংলং জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতি কল্যাণ ৰাভা ব্ৰহ্মৰ সভাপতিত্বত জিলা অগ্ৰণী বড়ো সংগঠনসমূহৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত কাৰ্বি আংলং জিলা অগ্ৰণী বড়ো সংগঠনৰ মাজত মিলিত হৈ কাৰ্বি আংলং জিলাৰ খিলঞ্জীয়াসকলৰ সুৰক্ষাৰ স্বাৰ্থত কাৰ্বি পৰিষদে PGR আৰু VGR ভূমিৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে তাক কাৰ্বি আংলং জিলাৰ অগ্ৰণী বড়ো সংগঠনে আদৰণি জনাইছে।

এই ক্ষেত্ৰত কাৰ্বি পৰিষদে পদক্ষেপ গ্ৰহণ কৰাৰ সময়ত যাতে প্ৰকৃত বাসিন্দাই হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি সুপদক্ষেপ গ্ৰহণৰ আহ্বান জনোৱাৰ লগতে জিলাখনৰ সকলো পক্ষকে শান্তি সম্প্ৰীতি অটুট ৰাখিবৰ বাবে আহ্বান জনাইছে।

কাৰ্বি পৰিষদৰ পদক্ষেপক আদৰণি অগ্ৰণী বড়ো সংগঠনৰ....
শিক্ষা বিষয়া প্ৰদীপ কুমাৰ গয়াৰীৰ কোকৰাঝাৰত বিদায় সভা সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in