ডিব্ৰুগড়ৰ বৰবৰুৱাত দিহা নামৰ প্ৰতিযোগিতা

ডিব্ৰুগড়ৰ বৰবৰুৱাত দিহা নামৰ প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড়ৰ বৰবৰুৱাত দিহা নামৰ প্ৰতিযোগিতা

ডিজিটেল সংবাদ, বৰবৰুৱাঃ হৰি নামৰ ৰসেৰে মুখৰিত হ'ল ডিব্ৰুগড়ৰ বৰবৰুৱা। দ্বিতীয় বৈকুণ্ঠ পুৰীত পৰিণত হ'ল বৰবৰুৱা অঞ্চল। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে জনসাধাৰণক একত্ৰিত কৰাৰ স্বাৰ্থত বৃহত্তৰ বৰবৰুৱা উন্নয়ন সমিতিয়ে অনুস্থিত কৰে দিহানামৰ প্ৰতিযোগিতা।

বৰবৰুৱাৰ চ‍্যুকাফা ভৱনত অনুস্থিত কৰা দিহানামৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অৰ্ধ শতাধিক দিহানামৰ দলে। মহাপুৰুষ গুৰুজনাৰ অমিয়া সৃষ্টি ৰাজিক নৱ প্ৰজন্মৰ মাজত পৰিচয় কৰাৰ স্বাৰ্থত বৃহত্তৰ বৰবৰুৱা উন্নয়ন সমিতিয়ে অনুষ্ঠিত কৰে এই দিহানামৰ প্ৰতিযোগিতা।

Also Read: সংগীত নাটক অকাডেমী আৰু সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত বক্তৃতা অনুষ্ঠান

Dihanam