সংগীত নাটক অকাডেমী আৰু সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত বক্তৃতা অনুষ্ঠান

সংগীত নাটক অকাডেমী আৰু সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত বক্তৃতা অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
সংগীত নাটক অকাডেমী আৰু সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত বক্তৃতা অনুষ্ঠান

ডিজিটেল সংবাদ, গুৱাহাটীঃ সংগীত নাটক অকাডেমী, নতুন দিল্লী আৰু সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ১৫ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ আয়োজন কৰা ‘নৃত্যপৰ্ব’ উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ তীৰ্থ ভূঞা বৰগায়নে "প্ৰৰ্দশনীমূলক বক্তৃতা অনুষ্ঠানত" 'সত্ৰীয়া নৃত্যৰ পৰম্পৰা: চিন্তা আৰু প্ৰকাশ' এই বিষয়ত বক্তৃতা প্ৰদান কৰে।

Advertisment

সত্ৰীয়া নৃত্যৰ পৰম্পৰা ধাৰাতো ক'ৰ পৰা আহিল আৰু সাক্ষাৎ গন্ধৰ্ব সদৃশ দুজনা গুৰুৱে কিয় সমাজত দি থৈ গ'ল ইয়াৰ উদেশ্য সম্পৰ্কে প্ৰায় ৭০ মিনিট ৯ পৃষ্ঠা যোৰা ভাষন প্ৰদান কৰে। ভক্তি জাগৰণৰ পৰা উদ্ভুত ভক্তিসাধনাৰ দুৎতি আৰু ভিন্নসুৰী কলাসাধনাৰ নান্দনিক চেতনাৰ প্ৰকাশ গীত নৃত্য বাদ্য। সত্ৰীয়া নৃত্যৰ জৰিয়তেও যে নটবৰ কৃষ্ণৰ উপাসনা কৰি ভকতি মুকুতিৰ পাব পাৰি সত্ৰ সমূহত আজিকোপতি উপাসনাৰ মাধ্যম হিচাপেই পৰিবেশন হৈ আহিছে এই কথা সাবলীল ভাবে উপস্থাপন কৰে। প্ৰৰ্দশনীমূলক ভাবে ঘোষা ধেমালি, নাদুভংগী নৃত্য, বিহাৰ নৃত্য আৰু ওজাপালি পৰিবেশন কৰে।

ভাওনাকেন্দ্ৰীয় নাচ স্বতন্ত্ৰ নাচ আৰু ওজাপালিয়েও কেৱল কৃষ্ণ উপাসনাৰ কথা উল্লেখ কৰিছে মানৱৰ ভৱবৈতৰনী পাৰ হোৱাৰ কথা উল্লেখ কৰিছে। পৰিবেশনত সহযোগ কৰে অধ্যাপক ভবেন বৰবায়ন, উপেন বৰগায়ন আৰু ভাস্কৰ বায়ন আৰু পৰমানন্দ বায়নে। তীৰ্থ ভূঞা বৰগায়নৰ লগতে আৰু এগৰাকী বক্তা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড০ সত্যকাম বৰঠাকুৰে সত্ৰীয়া নৃত্যলৈ অহা প্ৰত্যাহ্বানৰ ওপৰত বক্তৃতা প্ৰদান কৰে।

প্ৰশ্নোত্তৰ শিতানত সংগীত নাটক অকাডেমিৰ সচিব ৰাজু দাস দেবে গুৰুত্বপূৰ্ণ বক্তৃতা আগবঢ়ায়। নৃত্যচাৰ্য যতীন গোস্বামী, পদ্মশ্ৰী ঘনকান্ত বৰবায়ন, বিশিষ্ট শিল্পী কৰুনা বৰা, নাট্যকাৰ দুলাল ৰয়, সংগীত নাটক অকাডেমি বটাঁ প্ৰাপ্তক হৰিচৰণ ভূঞা বৰবায়ন, গৱেষক পণ্ডিত ড'প্ৰদীপ জ্যোতি মহন্ত, বহুকেইজন সত্ৰীয়া শিল্পী সাধক উপস্থিত থাকে।

সত্ৰীয়া নৃত্য পৰিবেশ্য কলালৈ ৰূপান্তৰ হোৱাৰ পাছত ইয়ালৈ অহা ভাবুকি প্ৰত্যাহ্বান আদিত সকলো উদ্বিগ্ন হয়। আৰু ইয়াৰ সমাধানৰ বাবে সংগীত নাটক অকাডেমিক দায়িত্ব লবলৈ সকলোৱে আহ্বান জনায়।

Also Read: বটদ্ৰৱাত বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত পাৱাৰ প্ৰজেক্টৰ দ্বাৰা বিশ্লেষণ আৰু বক্তৃতা অনুষ্ঠান

সংগীত নাটক অকাডেমী