/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/88baeb76-751e-4f36-9f1b-f8bf7ce866ea/05.jpg)
ডিজিটেল ডেস্ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি দিগন্ত বিশ্ব শৰ্মাক বিশ্ববিদ্যালয়খনৰ অনুশীলন অধ্যাপক (প্ৰফেচৰ অফ প্ৰেক্টিছ) হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁক এটা বছৰৰ বাবে এই পদত নিযুক্তি প্ৰদান কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6ef71ba1-1568-4402-a485-3dadc40316f6/467de39b_02b2_4d1d_b59b_f3a119de5f41.jpg)
দিগন্ত বিশ্ব শৰ্মাই তেওঁৰ কাৰ্যকালত শিক্ষাৰ্থীসকলৰ মাজত ভাৰতীয় জ্ঞান পদ্ধতি (ইণ্ডিয়ান নলেজ চিষ্টেম)ৰ সম্পৰ্কত জ্ঞান প্ৰদান কৰিব। ইয়াৰোপৰি তেওঁ এই সময়ছোৱাত শিক্ষাৰ্থীসকলক ভাৰতীয় চহকী সংস্কৃতিৰ মূল্যবোধ আৰু ঐতিহ্যৰ বিষয়ে অৱগত কৰি তেওঁলোকক অনুপ্ৰাণিত কৰিব।
ইয়াৰ বাবে তেওঁক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁক সকলো সুবিধা আৰু পাৰিতোষিক প্ৰদান কৰিব।
Also Read: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল