/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/fc10fc40-3045-4848-b3e3-b812ea3851d1/ASSAM_POLICE_20.jpg)
ডিজিটেল ডেস্ক : পুনৰ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত থকা একাংশ বিষয়াক ৰাজ্যৰ বিভিন্ন স্থানলৈ বদলি কৰা হৈছে। মঙলবাৰে গৃহ বিভাগৰ এক নিৰ্দেশনাযোগে এই কথা প্ৰকাশ কৰা হয়।
নিৰ্দেশনা অনুসৰি আই পি এছ অক্ষত গাৰ্গক গুৱাহাটী আৰক্ষী আয়ুক্ত (কেন্দ্ৰীয়) কাৰ্যালয়ৰ পৰা বদলি কৰি গুৱাহাটী আৰক্ষী আয়ুক্ত (পূব)ত উপ আয়ুক্ত হিচাপে নিয়োগ কৰা হৈছে। এ পি এছ সুৰজিৎ সিং পানেচাৰক বদলি কৰি চতুৰ্থ অসম কমাণ্ডো বেটেলিয়ন গেলেকীত নিযুক্তি দিয়া হৈছে।
ইফালে এ পি এছ অমিতাভ বসুমতাৰীক চতুৰ্থ অসম কমাণ্ডো বেটেলিয়ন গেলেকীৰ পৰা বদলি কৰা হৈছে। তেওঁক আই পি এছ অক্ষত গাৰ্গৰ স্থানত গুৱাহাটী আৰক্ষী আয়ুক্ত (কেন্দ্ৰীয়) কাৰ্যালয়ত উপ আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/0f53ebf5-145d-48c3-98f4-13f4b4f4de01/de2c003d_e95b_4a98_bef2_ffdd53a67ba5.jpg)
Also Read: কে'ক প্ৰস্তুত প্ৰশিক্ষণেৰে যুৱতী-মহিলাক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে বিস্মিতা শইকীয়াই