/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/edd3c14d-23bc-4391-b002-15749ee5f6f9/Bihampur.jpg)
ডিজিটেল সংবাদ, মাজুলী : ঐতিহাসিক মাজুলী শ্ৰীশ্ৰী বিহিমপুৰ সত্ৰৰ ঊনবিংশ জন ডেকা সত্ৰাধিকাৰ মোহন চন্দ্ৰ মহন্ত দেৱৰ দেহাৱসান। দীৰ্ঘদিনে অসুস্থ হৈ থকা সত্ৰীয়া সংস্কৃতিৰ সাধক মুখাশিল্পী, অভিনেতা, ডেকা সত্ৰাধিকাৰ গৰাকী বৃহস্পতিবাৰে পুৱা ৭.৪৫ বজাত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৮ বছৰ ।
এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ডেকা সত্ৰাধিকাৰ মোহন চন্দ্ৰ মহন্ত দেৱ আছিল এগৰাকী বলিষ্ঠ অভিনেতা। ৰাসৰ বিভিন্ন চৰিত্ৰ অভিনয় কৰা লগতে ভাওনাত ৰাম, ভিভিষন, উগ্ৰসেনৰ দৰে ভাৱত অভিনয় কৰি দৰ্শকক মোহাচ্ছন্ন কৰিছিল। ৰাসত ব্যৱহৃত মুখা যেনে অঘাসুৰ, বকাসুৰ আদি মুখা নিৰ্মান কৰিছিল তেওঁ। ঐতিহাসিক সত্ৰৰ এগৰাকী পাঠক, নাম গোৱা আদি গুণতো পাৰ্গত মহন্ত দেৱে নিৰবিছিন্ন ভাৱে সত্ৰ পৰিচালনা কৰিছিল।
ইয়াৰ ওপৰিও এগৰাকী সমাজকৰ্মী আছিল মহন্ত দেৱ। সত্ৰীয়া সংস্কৃতি প্ৰচাৰৰ বাবে গোবিন্দদেৱে কৃষ্ঠি সংঘৰ প্ৰতিষ্ঠা কৰি প্ৰতিষ্ঠাপক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি তেওঁ যুৱসকলক একত্ৰিত কৰি আগুৱাই নিয়াৰ বাবে বিহিমপুৰ যুৱ সংঘ প্ৰতিষ্ঠা কৰিছিল। সত্ৰীয়া সংস্কৃতিৰ লগত ওতঃপ্ৰোত ভাবে জড়িত এগৰাকী প্ৰবীন শিল্পী হোৱাৰ উপৰিও জ্যোতিৰ্বিদ্যাতো পাৰ্গত লোক আছিল।
সত্ৰখনিৰ ঊনবিংশ গৰাকী ডেকা সত্ৰাধিকাৰ আসন অলংকৃত কৰি শিষ্য-প্ৰশিষ্য সকলক সৎ উপদেশ প্ৰদান কৰি সৎ মানুহৰ দিক-দৰ্শন প্ৰদান কৰি আহিছিল । মৃত্যুৰ সময়ত পৰিয়ালত পত্নী, এজন পুত্ৰ, এজনী ছোৱালী এৰি থৈ যায়। তেওঁৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে।