ডিব্ৰুগড় পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ২জন নিহত, আহত ৫জন

ট্ৰাক আৰু ইনোভাৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড় পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ২জন নিহত, আহত ৫জন

ডিজিটেল ডেস্কঃ দেওবাৰে নিশা ডিব্রুগড়ৰ লেপেটকটাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু ইনোভাৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

Advertisment

দুৰ্ঘটনাত পতিত লোকসকল গুৱাহাটীৰ একেটা পৰিয়ালৰে বুলি সূত্ৰই জনাইছে। গুৱাহাটীৰ ABCৰ আইটেক প্লাজাৰ বাসিন্দা পৰিয়ালটো। সদস্যকেইজন- সতীশ কুমাৰ আগৰৱালা, পম্পী আগৰৱালা, কৃষ্ণ কুমাৰ আগৰৱালা, নিৰ্মল কুমাৰ আগৰৱালা, পুষ্পা সুৰেখা আগৰৱালা, নোমাল আগৰৱালা, গলু আগৰৱালা।

ইয়াৰে পুষ্পা সুৰেখা আগৰৱালাৰ থিতাতে নিহত হয়। আনহাতে বাকীকেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে। আহত সকলক ইতিমধ্যে এএমচিএইচত ভৰ্তি কৰোৱা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Also Read: ৩০০ কোটিটকীয়া কেলেংকাৰী অভিযোগত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰীক ১৪ দিনৰ ন্যায়িক জিম্মা...

road accident