ডিব্ৰুগড়ৰ বগীবিলত ভয়ংকৰ পথ দুৰ্ঘটনা

বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ বগীবিলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত কেইবাজনো।

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড়ৰ বগীবিলত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ বগীবিলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত কেইবাজনো।

Advertisment

চুইফ ডিজায়ৰ আৰু বেলেন' বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। ডিব্ৰুগড়ৰ পৰা ধেমাজি অভিমুখে গৈ আছিল চুইফ ডিজায়াৰ বাহনখন, আনহাতে বগীবিলৰ কাঞ্চনজঙ্ঘালৈ যোৱা পথেদি ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিশে আহিছিল বেলেন বাহনখন।

দুৰ্ঘটনাত পতিত চুইফ ডিজায়াৰ বাহন খনৰ নম্বৰ AS06U5758 আৰু বেলেন বাহনখনৰ নম্বৰ AS01EL3453। তিনিজনক সংকট জনক অৱস্থাত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

Also Read: ভয়ংকৰ! শিশুক খাদ্যৰ নামত যোগান ধৰা হৈছে বৰবিহ

road accident