ভয়ংকৰ! শিশুক খাদ্যৰ নামত যোগান ধৰা হৈছে বৰবিহ

শিশু খাদ্যৰ নামত বাস্তৱিকতে পশু খাদ্যৰো অনুপযোগী সামগ্রী যোগান ধৰা হৈছে ঢকুৱাখনাত

author-image
Asomiya Pratidin
New Update
ভয়ংকৰ! শিশুক খাদ্যৰ নামত যোগান ধৰা হৈছে বৰবিহ

ডিজিটেল সংবাদ, ঢকুৱাখনা: কণ কণ শিশুৰ নিষ্পাপ জীৱনকলৈ এইবাৰ চৰকাৰী ভাৱে খেলা হৈছে ভয়ানক হেতালি। শিশু খাদ্যৰ নামত বাস্তৱিকতে পশু খাদ্যৰো অনুপযোগী সামগ্রী যোগান ধৰা হৈছে ঢকুৱাখনাত। অবোধ শিশু সকলক অখাদ্য খুৱাই জীৱনলৈ প্ৰচণ্ড ভাবুকি মাতি অনা এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহকুমাটোৰ বৰদলনি সংহত শিশু উন্নয়ন প্ৰকল্পত।

Advertisment

প্ৰকল্পটোৰ অন্তৰ্গত ৩ নং চাৰ্কুলৰ ৫ নং চেণ্টাৰত সমাজকল্যান বিভাগে যোগান ধৰিছে ডাল 'খিছিৰি'ৰ নামত বৰবিহ। সংগৃহীত তথ্য মতে ঘিলামৰাৰ দেউলিয়া অংগণৱাড়ী কেন্দ্ৰটোলৈ যোৱা ২৬ জুনত সমাজ কল্যান বিষয়াৰ কাৰ্য্যালয়ৰ পৰা যোগান ধৰা হৈছিল লৈছিল ৬০ পেকেট "ডাল খিছিৰি" ।

কেন্দ্ৰটোৰ ৩ বছৰৰ পৰা ৬ বছৰৰ শিশুৰ বাবে যোগান ধৰা এই ডাল খিছিৰি ৰান্ধিবলৈ গৈ এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে কেন্দ্ৰটোৰ কৰ্মী নিৰু কলিতা আৰু সহায়িকা নিৰদা দত্ত। বৃহস্পতি বাৰে গৰম পানীত উক্ত বৰবিহ স্বৰূপ ডাল খিছিৰিখিনি বাকিবলৈ লওঁতেই পেকেটৰ ভিতৰত দেখা পাই ভেঁকুৰ জাতীয় অখাদ্য আৰু কাঠৰ সৰু সৰু টুকুৰা সদৃশ সামগ্রী।

উৎকট দুৰ্গন্ধ যুক্ত এই শিশু খাদ্য খিনি নাৰান্ধি উপস্থিত মাতৃ সকলক প্ৰদৰ্শন কৰে সচেতন কৰ্মী গৰাকীয়ে। খোৱাৰ বাবে অনুপযোগী এই অখাদ্য যোগান ধৰা সন্দৰ্ভত নিষ্ঠাবান কৰ্মী গৰাকীয়ে মুখ্য সেৱিকা গৰাকীকো অৱগত কৰে। কিন্তু এইগৰাকী দায়িত্বশীল মুখ্য সেৱিকাই তাৰ প্ৰতি ভ্ৰূক্ষেপ নকৰিলে ।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ অৱগত হোৱাত পৰিদর্শন কালত বহু পৰিমাণৰ এনে অখাদ্য প্ৰত্যক্ষ কৰা হ'ল । পৰৱৰ্তী সময়ত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্তিক কলিতাক এই গুৰুতৰ বিষয় সন্দৰ্ভত অৱগত কৰাত দুৰ্গন্ধযুক্ত অখাদ্য খিনি জব্দ কৰাৰ নিৰ্দেশ দিয়ে প্ৰকল্প বিষয়াক। এতিয়া প্ৰশ্ন উঠিছে কণ কণ শিশুক পুষ্টিকৰ খাদ্য চৰকাৰী ভাবে খোৱাৰ বাবে কেন্দ্ৰটোলৈ প্ৰেৰণ কৰা এই বৰবিহখিনি যোগান ধৰিছিল কোনে ?

যদি ৰন্ধনকালত পেকেটৰ পৰা গৰম পানীত বাকী দি কৰ্মী সকলে সেই অস্বাস্থ্যকৰ খাদ্য খুৱাই দিয়া হলে উদ্ভৱ হোৱা কৰুণ পৰিস্থিতিৰ বাবে জগৰীয়া কোন হ'লহেতেন? এই দায়িত্বহীন কাণ্ডৰ এক নিৰপেক্ষ তদন্ত হোৱাটো কামনা কৰিছে মাতৃ গোট আৰু দেউলিয়া গাঁওবাসীয়ে । শিশু খাদ্যৰ নামত পশু খাদ্য যোগান ধৰি ৰাজকোষৰ ধন উদৰস্থ কৰা এই ভয়ংকৰ কাণ্ড সন্দৰ্ভত খাদ্য সুৰক্ষা বিভাগে গোচৰ লোৱাটো ঘিলামৰাবাসীয়ে কামনা কৰি মহকুমাধিপতি কলিতাৰ হস্তক্ষেপ কামনা কৰিছে।

Also Read: বহি:ৰাজ্যত কৰ্মসংস্থাপন বিচাৰি যোৱা দেৰগাঁৱৰ ব্যক্তি নিৰুদ্দেশ...