৬০ বছৰীয়া বৃদ্ধৰ কামনা বলি ১৩ বছৰীয়া কিশোৰী

ডিব্রুগড়ৰ লক্ষ্মীনগৰত ধৰ্ষণ কাণ্ড। ৬০ বছৰীয়া বৃদ্ধৰ কামনা বলি হ’ল ১৩ বছৰীয়া কিশোৰী।

author-image
Asomiya Pratidin
New Update
মহিলাক পাৰ্কৰ পৰা টানি নি চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ ৪ যুৱকৰ

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত সংঘটিত হয় এক জঘন্য কাণ্ড। এগৰাকী বৃদ্ধৰ কামনাৰ বলি হ'ল এগৰাকী কিশোৰী। ডিব্রুগড়ৰ লক্ষ্মীনগৰত সংঘটিত হৈছে এই ধৰ্ষণ কাণ্ড। বুধবাৰে পোহৰলৈ আহে এই ঘটনা ।

ঘটনাৰ বিৱৰণী অনুসৰি গাখীৰ বিক্রী কৰিবলৈ আহি ৬০ বছৰীয়া বৃদ্ধ গৰাকীয়ে ধৰ্ষণ কৰে এগৰাকী ১৩ বছৰীয়া কিশোৰীক। অভিযুক্তৰ নাম ধীৰেন দত্ত ওৰফে বাটা। ১নং লক্ষ্মী নগৰৰ বাসিন্দা ধীৰেণ দত্ত।

ধীৰেণে ঘৰে ঘৰে গাখীৰ যোগান ধৰে। গাখীৰ বিক্রী কৰিবলৈ আহি সংঘটিত কৰে এই জঘন্য ঘটনা। ঘৰখনত অন্য মানুহ নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰে ১৩ বছৰীয়া কিশোৰীক।সম্প্রতি লম্পট ধীৰেন দত্তক গ্রেপ্তাৰ মিলন নগৰ আৰক্ষীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্য়াহত।

Also Read: ব্রহ্মপুত্রৰ সুঁতিত উটি গ’ল এজন ৮৫ বছৰীয়া বৃদ্ধ

crime Assam police