ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তিক লৈ ব্যাপক অনিয়মৰ অভিযোগঃ আমৰণ অনশন ছাত্ৰ-ছাত্ৰীৰ

উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তিক কেন্দ্ৰ কৰি অনিয়ম সংঘটিত হোৱাৰ অভিযোগত একাংশৰ।

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তিক লৈ ব্যাপক অনিয়মৰ অভিযোগঃ আমৰণ অনশন ছাত্ৰ-ছাত্ৰীৰ

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তিক কেন্দ্ৰ কৰি অনিয়ম সংঘটিত হোৱাৰ অভিযোগত একাংশৰ। ইয়াকে লৈ ডিব্ৰুগড়ত শনিবাৰৰ পৰা অমৰণ অনশনত বহিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাই।

Advertisment

নাহৰৰ দেশত উচ্চ শিক্ষাৰ বাবে আহি যোগ‍্য হৈও বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ চৰম বিসংগতিৰ বাবে আসন লাভ নকৰি স্ব-গৃহলৈ ঘুৰি যাব লগীয়া হৈছে বহু মেধা ছাত্র-ছাত্ৰী। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যোগ‍্যতা সম্পন্ন পৰীক্ষাত অধিক নম্বৰ লাভ কৰা ছাত্র- ছাত্ৰীৰ সলনি কম নম্বৰ লাভ কৰা ছাত্র ছাত্ৰীক বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই সুবিধা প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ছাত্র-ছাত্ৰী সকলৰ নামভৰ্তিৰ মাছুল বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই বৃদ্ধি কৰাক লৈ কৰ্তৃপক্ষৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখত ছাত্র একতা সভাই অনশন কাৰ্যসূচী ৰূপায়ন কৰে।

Also Read: মণিপুৰ হিংসাঃ শুই থকা অৱস্থাত পিতা-পুত্ৰসহ ৩ জনক নৃশংসভাৱে হত্য়া...

protest