মণিপুৰ হিংসাঃ শুই থকা অৱস্থাত পিতা-পুত্ৰসহ ৩ জনক নৃশংসভাৱে হত্য়া...

মণিপুৰত অব্যাহত আছে হিংসাত্মক ঘটনা। পুনৰ ৩ লোকক নৃশংসভাৱে হত্যা কৰে দুৰ্বৃত্তই। মণিপুৰৰ বিষ্ণুপুৰ জিলাত সংঘটিত হয় এই ঘটনা।

author-image
Asomiya Pratidin
New Update
মণিপুৰ হিংসাঃ শুই থকা অৱস্থাত পিতা-পুত্ৰসহ ৩ জনক নৃশংসভাৱে হত্য়া...

ডিজিটেল ডেস্কঃ মণিপুৰত অব্যাহত আছে হিংসাত্মক ঘটনা। পুনৰ ৩ লোকক নৃশংসভাৱে হত্যা কৰে দুৰ্বৃত্তই। মণিপুৰৰ বিষ্ণুপুৰ জিলাত সংঘটিত হয় এই ঘটনা। শুকুৰবাৰে পিতা-পুত্ৰসহ ৩ জনলোকক গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই।

Advertisment

শনিবাৰে পুৱা আৰক্ষীয়ে জনাই যে তিনিজন লোকক শুই থকা অৱস্থাত গুলীয়াই হত্যা কৰা হৈছিল আৰু তাৰ পিছত তৰোৱালেৰে আক্ৰমণ কৰা হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, আক্ৰমণকাৰীসকল চুৰাচান্দপুৰৰ পৰা আহিছিল। মৃত তিনিজন সাহায্য শিবিৰত আছিল কিন্তু পৰিস্থিতি উন্নত হোৱাৰ পিছত শুকুৰবাৰে কুৱেক্টাত তেওঁলোকৰ ঘৰলৈ উভতি গৈছিল।

ঘটনাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও নিৰাপত্তাৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। ইয়াৰোপৰি ৰাজ্যখনৰ অন্য অঞ্চলত নিৰাপত্তাৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত গুলীয়াগুলী হোৱা বুলি জানিব পৰা গৈছে। অন্যহাতে বহু অঞ্চলত একাংশ জনতাৰ ঘৰ জ্বলাই দিয়াৰ খবৰো আহিছে।

৩ মে'ৰ পৰা মণিপুৰত আৰম্ভ হোৱা হিংসাত্মক ঘটনা শাম কটাৰ নাম লোৱা নাই। এই গোষ্ঠীগত সংঘৰ্ষত বৰ্তমানলৈ বহুলোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহতও হৈছে।এতিয়ালৈকে চৰকাৰে এই সংঘৰ্ষ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই।

Also Read: আলাবৈ ৰণঃ ১০ হাজাৰ আহোম সেনাৰ আত্মবলিদান...

manipur