ডিব্ৰুগড় চৌকিডিঙ্গী চাৰিআলিত আমছু খিলঞ্জীয়াৰ প্ৰতিবাদ

ডিব্ৰুগড় চৌকিডিঙ্গী চাৰিআলিত আমছু খিলঞ্জীয়াৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড় চৌকিডিঙ্গী চাৰিআলিত আমছু খিলঞ্জীয়াৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ চৌকিডিঙ্গী চাৰিআলিত সদৌ অসম সংখ‍্যালঘু ছাত্ৰ সন্থা আমছু খিলঞ্জীয়াৰ প্ৰতিবাদ। সংখালঘু খিলঞ্জীয়াক ডি ভোটাৰ সজাই বছৰ বছৰ ধৰি বিজেপি নেতৃত্বাধীন চৰকাৰ খনে হাৰাশাস্তি কৰি থকাৰ প্ৰতিবাদত বুধবাৰে ডিব্ৰুগড়ত দুঘন্টীয়া এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে আমছু খিলঞ্জীয়া ডিব্ৰুগড় জিলা সমিতিয়ে।

Advertisment

হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে শতাধিক আমছু সদস্যই পৰিৱেশ উত্তাল কৰি তোলে। বৰ্তমানৰ চৰকাৰ খনে খিলঞ্জীয়া সংখ‍্যালঘু পাঁচটা জনগোষ্ঠীক খিলঞ্জীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি প্ৰদান কৰিছে যদিও ইতিহাস প্ৰসিদ্ধ খিলঞ্জীয়া সংখালঘু সকলৰ একাংশ‌ই দীৰ্ঘদিনৰ পৰা বিদেশী ন‍্যায়ধীকৰণত সন্দেহজনক ভোটাৰৰ নামত যুঁজি থাকিব লগীয়া হৈছে।

খিলঞ্জীয়া সংখ‍্যালঘু সকলৰ বহু লোকে এই যুঁজত নিজৰ সা-সম্পত্তি, মাটি ভেটি আদি সেৰুৱাৰ লগতে বহু কেইজনে আত্মহত্যাৰ পথো বাছি লৈছে বুলি মন্তব্য প্ৰকাশ কৰে আমছু খিলঞ্জীয়াৰ নেতৃবৰ্গ‌ই। বৰ্তমান ৫ টা জনগোষ্ঠীৰ লোক সকলৰ ভিতৰত যি সকলৰ ডি ভোটাৰৰ গোচৰ চলি আছে সেই সকলক অতি শীঘ্ৰে মুক্তি দিবৰ বাবে দাবী উত্থাপন কৰিছে সদৌ অসম সংখ‍্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়াই। এই সন্দৰ্ভত জিলা উপায়ুক্তৰ যোগেদি মুখ‍্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে আমছু খিলঞ্জীয়া সংগঠনৰ নেতৃবৰ্গ‌ই।

Also Read: ফ্লাইঅভাৰৰ তলত টুকুৰা-টুকুৰ অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ, আৰক্ষীৰ তদন্ত আৰম্ভ

protest