OILৰ প্ৰশংসনীয় পদক্ষেপ, সহায় কৰিব যক্ষ্মা ৰোগীক...

ডিব্ৰুগড়ত অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ উদ্যোগত মঙলবাৰৰ পৰা আৰম্ভ হৈছে নিউট্ৰিচনেল চাপ্লিমেণ্টৰ কমিউনিটি ভিত্তিক বিতৰণৰ এক বিশেষ কাৰ্যসূচী।

author-image
Asomiya Pratidin
New Update
OILৰ প্ৰশংসনীয় পদক্ষেপ, সহায় কৰিব যক্ষ্মা ৰোগীক...

OILৰ প্ৰশংসনীয় পদক্ষেপ

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ উদ্যোগত মঙলবাৰৰ পৰা আৰম্ভ হৈছে নিউট্ৰিচনেল চাপ্লিমেণ্টৰ কমিউনিটি ভিত্তিক বিতৰণৰ এক বিশেষ কাৰ্যসূচী। OIL SPARSHA প্ৰকল্পৰ অধীনত অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত সক্ৰিয় টিবি ৰোগীক সহায় কৰিবলৈ ডিব্ৰুগড় লিটিল প্লেচৰ সভা কক্ষত এক কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়।

Advertisment

২০৩০ চনৰ ভিতৰত টিবি নিৰ্মূলৰ লক্ষ্যৰে এই পদক্ষেপ হাতত লোৱা হৈছে । ৰাজ্যৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু অৰুণাচলৰ চাংলাঙত উপস্থিত OIL SPARSHA MMUৰ এটা দলে সমীক্ষা কৰি ১০১ গৰাকী চিকিৎসাধীন হৈ থকা টিবি ৰোগীক চিনাক্ত কৰিছে।

SPARSHA কাৰ্য্যকৰী গাঁওসমূহৰ এই চিনাক্তকৃত টিবি ৰোগীসকলক ৪খন জিলাৰ ৩৯টা চাৰ্ভিচ পইণ্টত নিউট্ৰিচনেল চাপ্লিমেণ্ট বিতৰণ কৰা হৈছে। প্ৰতিমাহে এই চিনাক্তকৃত টিবি ৰোগীসকলক নিউট্ৰিচনেল চাপ্লিমেণ্টৰ পেকেজত দিয়া হ'ব । ইয়াৰ উপৰিও কিছু পৰিমাণে ভিটামিন আৰু পৰিপূৰক পুষ্টিকৰ সামগ্ৰী এই সামগ্ৰীবোৰ অইলৰ দ্বাৰা প্ৰতিমাহে ৰোগীসকলৰ ঘৰতে যোগান ধৰা হ'ব

MMUৰ এই কাৰ্য্যসূচী,অহা ২৩ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব

ৰাজ্যিক টিবি কোষ, অসমৰ দ্বাৰা অনুমোদিত পুষ্টিকৰ পৰিপূৰক পেকেজ যেনে প্ৰটিজেন পাউডাৰ, ওমেগা, ভিটামিন ই, ইত্যাদি

SPARSHA MMUৰ সদস্য সকলে এই সামগ্ৰী সমূহ ৰোগীসকলক সময়মতে ব্যৱহাৰ কৰাৰ বিষয়ে পৰামৰ্শ দিয়াৰ লগতে টিবিৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ ঔষধ আৰু পুষ্টিৰ ওপৰতো‌ গুৰুত্ব আৰোপ কৰিব‌। ডিব্ৰুগড়ৰ এই কাৰ্য্যসূচীত উপস্থিত থাকে ৰাজ্যিক টিবি বিষয়া ড: অভিজিত বসু, বিশ্ব স্বাস্থ্য সন্থাৰ ৰাজ্যিক টিবি পৰামৰ্শদাতা ড: ধ্ৰুব ডেকা ।

কাৰ্যকৰী অংশীদাৰ পিৰামল স্বাস্থ্য আৰু ডিব্ৰুগড়, তিনিচুকীয়াৰ যুটীয়া ডি এইচ এছ আৰু বিভিন্ন বিষয়া । এই বৈঠকৰ পিছতে আনুষ্ঠানিকভাৱে Nutritional support package বিতৰণ কৰা হয়।

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ পৰা কিছু হিতাধিকাৰী অইল ইণ্ডিয়া লিমিটেডৰ চলি থকা CSR প্ৰকল্প, যেনে - OIL SPARSHA ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু চাংলাঙত কাৰ্যক্ষম জিলাসমূহৰ এটা ভ্ৰাম্যমাণ ডিচপেনচাৰী সেৱা, যাৰ লক্ষ্য হৈছে প্ৰাথমিক স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাসমূহ প্ৰদান কৰা। এই জিলাসমূহৰ গাঁওবাসীক চিকিৎসক, পেৰামেডিকেল, বিনামূলীয়া ঔষধ আৰু অনস্পট লেবৰ সেৱাৰ জৰিয়তে পৰীক্ষাৰ সুবিধা কৰা হ’ব।

Also Read: কংগ্ৰেছে ক'লে এয়া মেচ ফিক্সিং ! নিৰ্বাচন আয়োগে ক'লে আমাক কোনেও হুকুম দিব নোৱাৰে...

#TBDEASES #TB