ফল-মূলৰ দৃষ্টিনন্দন সজ্জা: স্বনিয়োজনেৰে আদৰ্শৰ বাট বুলিছে যুৱকে...

চাবুৱাত ফল-মূল আৰু শাক-পাচলিৰ পৰা দৃষ্টিনন্দন সাজ-সজ্জা প্ৰস্তুত কৰি স্বনিয়োজনেৰে নিবনুৱাৰ বাবে আদৰ্শ হৈ পৰিছে এজন যুৱক...

author-image
Asomiya Pratidin
New Update
ফল-মূলৰ দৃষ্টিনন্দন সজ্জা: স্বনিয়োজনেৰে আদৰ্শৰ বাট বুলিছে যুৱকে...

ডিজিটেল সংবাদ, চাবুৱা : যি সময়ত এটা মাত্ৰ চৰকাৰী চাকৰিৰ বাবে হাজাৰ হাজাৰ নিবনুৱাই ত্ৰাহি মধুসূধন সুঁৱৰিছে, বহু নিবনুৱা যুৱক-যুৱতী যি সময়ত ইজি মানিৰ সন্ধানত বিপথে পৰিচালিত হৈছে সেই সময়তে চাবুৱাৰ এগৰাকী যুৱকে ফলমূল আৰু শাকপাচলিৰ পৰা দৃষ্টিনন্দন সজ্জা নিৰ্মাণ কৰি স্বনিয়োজনৰ পথ বাচি লৈছে।

Advertisment

সমান্তৰালভাবে যুৱকজনে বহু নিবনুৱাক সংস্থাপনৰ বাট দেখুৱাইছে। যুৱকজনৰ নাম হ'ল লক্ষ্য ফুকন। কলাত্মক মনৰ যুৱকজনে নিজৰ দুহাতৰ যাদুৰে যি কোনো এটি নিৰ্জীৱ ফল বা শাকপাচলিক অনায়াসে দৃষ্টিনন্দন সামগ্ৰীলৈ পৰিণত কৰিব পাৰে। আম, আপেল, কঁঠাল, মাটিকঠাল, বিলাহী, ৰঙালাও, তৰমুজ, জাতিলাও, গাজৰ, মূলা, তিঁয়হ, কবি, নাৰিকল, কল, বেঙেনা ইত্যাদি বিভিন্ন ফলমূল আৰু শাক পাচলিক শিল্পীজনে কলাত্মক, আকৰ্ষণীয় ৰূপ দিয়ে।

বিশেষকৈ বিয়া, জন্মদিন, বিবাহ-বাৰ্ষিকী আৰু আন যিকোনো অনুষ্ঠান-পাৰ্বনত তেওঁৰ সামগ্ৰী বা সাজ-সজ্জা প্ৰদৰ্শিত হয়। তেওঁৰ এই কলাত্মক সৃষ্টিসমূহে এতিয়া সৰ্বত্ৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। নিজক স্বনিয়োজিত কৰাৰ লগতে তেওঁ বহু নিবনুৱাক প্ৰশিক্ষন প্ৰদান কৰি নিবনুৱা সমস্যা সমাধান কৰাতো ভূমিকা গ্ৰহণ কৰিছে। লক্ষ্য ফুকনৰ এই সূষ্টিশীলতাই এতিয়া অঞ্চলটোত সকলোৰে ভূয়সী প্ৰশংসা বুটলিছে।

Also Read: ম্যানমাৰত NSCN খাংপলা গোটত বিভাজনঃ নতুন ফৈদৰ অধ্যক্ষৰ দায়িত্ব মেজৰ জেনেৰেল আং মাইক....

chabua