ম্যানমাৰত NSCN খাংপলা গোটত বিভাজনঃ নতুন ফৈদৰ অধ্যক্ষৰ দায়িত্ব মেজৰ জেনেৰেল আং মাইক....

ম্যানমাৰত NSCN খাংপলা গোটত বিভাজনঃ নতুন ফৈদৰ অধ্যক্ষৰ দায়িত্ব মেজৰ জেনেৰেল আং মাইক

author-image
Asomiya Pratidin
New Update
ম্যানমাৰত NSCN খাংপলা গোটত বিভাজনঃ নতুন ফৈদৰ অধ্যক্ষৰ দায়িত্ব মেজৰ জেনেৰেল আং মাইক....

ডিজিটেল সংবাদ, বেকাজানঃ ম্যানমাৰস্থিত নাগা বিদ্ৰোহী সংগঠন এনএছচিএন-কে ইউং আং নেতৃত্বাধীন দলটোৱে বৃহৎ বিভাজনৰ সন্মুখীন হৈছে। এই বিভাজনৰ ফলত পুনৰ এটা বিদ্ৰোহী গোটৰ উত্থান ঘটিছে ইষ্টাৰ্ণ নাগালেণ্ডত। এন এছ চি এন-খাপলাঙৰ এক বিবৃতিৰ মতে নৱগঠিত ফৈদে প্ৰয়াত সভাপতি এছ এছ খাপলাঙৰ প্ৰাক্তন ব্যক্তিগত সম্পাদক আং মাইক নতুন সশস্ত্ৰ গোটোৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰিছে।

Advertisment

অৰুণাচলৰ প্ৰদেশৰ টাংছা জনগোষ্ঠীৰ বিদ্ৰোহী নেতা মেজৰ জেনেৰেল আং মাই। যোৱা এপ্ৰিল মাহত ইয়ং আং আৰু ফৈদৰ নগা আৰ্মীৰ মাজত হোৱা মতানৈক্যৰ পৰাই এন এছ চি এন-কে ইউং আং ফৈদৰ ভিতৰত বিভাজনৰ সৃষ্টি হৈছিল। আৰু তা পৰিপ্ৰেক্ষিত দুটা গোটত বিভক্ত হৈ এটা নতুন গোটৰ শক্তিশালী ৰূপত আত্মপ্ৰকাশ ঘটে। উল্লেখযোগ্য যে, স্বচ্ছতাৰ অভাৱ আৰু ধনৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি নগা আৰ্মীয়ে ইউং আউঙৰ নেতৃত্বত কাম নকৰাৰ সিদ্ধান্ত লয়। নগা আৰ্মীয়ে এই বুলি অভিযোগ উত্থাপিত কৰিছে যে, ২০১২ চনত এন এছ চি এন আৰু ম্যানমাৰ চৰকাৰৰ মাজত স্বাক্ষৰিত যুদ্ধ বিৰতি চুক্তিৰ সবিশেষৰ বিষয়ে অজ্ঞাত বুলি দাবী কৰে।

তদুপৰি নগা আৰ্মীৰ তথ্য মতে বিষয়াসকলৰ অজ্ঞাতে যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী জব্দ কৰা হৈছে। যিবোৰ ম্যানমাৰ সেনাই প্ৰেৰণ কৰা বুলি অভিযোগ উঠিছে। ২০১৭ চনত অধ্যক্ষ এছ এছ খাপলাঙৰ মৃত্যুৰ পিছত ম্যানমাৰস্থিত প্ৰশাসন ব্যৱস্থাৰ অৱক্ষয়ৰ ওপৰতো আলোকপাত কৰে সংগঠনটোৱে। নগা সেনাই ইউং আং নেতৃত্বই ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি ফৈদটোৱে লাভ কৰা বিদেশী সাহায্য সন্দৰ্ভত অজ্ঞানতা প্ৰকাশ কৰিছে। লগতে তেওঁলোকে দাবী কৰে যে, ইউং আউঙে তেওঁলোকৰ অজ্ঞাতে এন এছ চি এনৰ অন্যান্য ফৈদৰ সৈতে বৈঠকত মিলিত হৈছিল আৰু পশ্চিম নাগালেণ্ডৰ ১৬টা জনজাতি আৰু ৰাজ্য চৰকাৰৰ সৈতে সাক্ষাৎ কৰিবলৈ অস্বীকাৰ কৰিছিল।

নগা সেনাৰ মতে, পূব নাগালেণ্ডৰ জনসাধাৰণ আৰু এন এছ চি এন-কে ইউং আং ফৈদৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হৈছে, যাৰ ফলত চলি থকা বিবাদত অৰিহণা যোগাইছে। বহল হোৱা বিভাজনৰ ফলত এন এছ চি এন-কে ইউং আং ফৈদে তিনিজন জ্যেষ্ঠ নেতাক গোটটোৰ পৰা বহিষ্কাৰ কৰি বিভাজন আৰু অধিক কঠিন কৰি তুলিলে। ফলস্বৰূপে প্ৰয়াত এছ এছ খাপলাঙৰ প্ৰাক্তন ব্যক্তিগত সম্পাদক তথা এসময়ত খাপলাং ফৈদৰ গৃহমন্ত্ৰী আং মাইয়ে ২৭ জুনত বিভাজিত গোটটোৱে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱাৰ পিছত এন এছ চি এন-কে ফৈদৰ অধ্যক্ষৰ পদ গ্ৰহণ কৰে।

আনহাতে মেজৰ জেনেৰেল লাংগেই কন্যাকে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি এন এছ চি এন চৰকাৰৰ ক্ৰমান্বয়ে অৱনতি আৰু অপ্ৰশাসনৰ বাবে মেজৰ জেনেৰেল লাংনেইৰ নেতৃত্বত নগা সেনাই সকলো নগা সেনা ইউনিটৰ কমাণ্ডাৰলৈ সভাৰ তথ্য পত্ৰ প্ৰেৰণ কৰি নিৰ্দেশ দি ৫ এপ্ৰিল ম্যানমাৰৰ টাগাত থকা সাধাৰণ মুখ্য কাৰ্যালয়ত (GHQ) গোট খাবলৈ কৈছল। কিন্তু ইউং আঙে সভাখনক দলীয় বৈঠক বুলি সমালোচনা কৰি নগা সেনাবাহিনীৰ কিছুমান বিষয়াক উপস্থিত থাকিবলৈ বাধা দিয়ে। ফলস্বৰূপে ১০ এপ্ৰিলত নগা আৰ্মীৰ বৈঠক অব্যাহত থাকে আৰু ইয়ং আঙক দলৰ অধ্যক্ষ পদৰ পৰা বৰ্খাস্ত কৰে।

ইউং আউঙক অপসাৰণ কৰাৰ সিদ্ধান্তৰ কাৰণ তেওঁৰ কথিত সংগঠন বিৰোধী কাৰ্যকলাপক এন এছ চি এন/জিপিআৰএনৰ সম্পূৰ্ণ পৰিপন্থী বুলি গণ্য কৰা হয়। ইউং আঙৰ জবানবন্দী হোৱাৰ পিছত প্ৰেছ বিজ্ঞপ্তিত দাবী কৰা হৈছিল যে, ২৭ জুনলৈকে এন এছ চি এন/জি পি আৰ এন চৰকাৰখন নগা সেনাবাহিনীৰ দ্বাৰা পৰিচালিত হ'ব। ২৭ জুনত জি এইচ কিউত এক গুৰুত্বপূৰ্ণ জৰুৰীকালীন বৈঠক অনুষ্ঠিত হয়, য’ত অসামৰিক আৰু সামৰিক দুয়োটা বিষয়াই সৰ্বসন্মতিক্ৰমে নাগালেণ্ডৰ নেচনেল চলিয়েলিষ্ট কাউন্সি অৱ নাগালিমৰ খাপলাঙ ফৈদৰ নতুন অধ্যক্ষ হিচাপে টাংছাং অঞ্চলৰ পৰা মেজৰ জেনেৰেল (অধিষ্ঠিত) আং মাইক নিৰ্বাচিত কৰে। ৫০ বছৰীয়া মেজৰ জেনেৰেল আং মাই পূৰ্বে প্ৰয়াত এছ এছ খাপলাঙৰ ব্যক্তিগত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, লগতে গৃহমন্ত্ৰীকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ পদবী আৰু অন্যান্য সামৰিক দায়িত্বও পালন কৰি আহিছিল।

ইফালে সংগঠনটোৰ নতুন দায়িত্ব লৈ মেজৰ জেনেৰেল আং মাইয়ে তেওঁৰ নেতৃত্বত সকলো নগা জনসাধাৰণক সহযোগিতা বৃদ্ধি আৰু সেৱা আগবঢ়াবলৈ আহ্বান জনায়। নগা আত্মনিয়ন্ত্ৰ আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন প্ৰয়াত সভাপতি এছ এছ খাপলাঙৰ পদাংক অনুসৰণ কৰি নগা জাতীয় সংগ্ৰাম অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা।

nagaland