উৱলি যোৱা জুপুৰিত দুৰ্বিষহ জীৱন কটাইছে চাবুৱাৰ এগৰাকী বৃদ্ধাই...

উৱলি যোৱা জুপুৰিত দুৰ্বিষহ জীৱন কটাইছে চাবুৱাৰ এগৰাকী বৃদ্ধাই...

ডিজিটেল সংবাদ,চাবুৱাঃ দুলীয়াজান সমষ্টিৰ অন্তৰ্গত পাখৰিজনীয়া মেধিচুক গাঁৱত দুৰ্বিষহ জীৱন কটাইছে এগৰাকী বিধৱা বৃদ্ধাই। বিগত বহু বছৰে মেধিচুক গাঁৱৰ পদুমী লাহনে অভাৱৰ ফলত জীৱন মৰনৰ সৈতে যুঁজ দি অতি অসহনীয় জীৱন যাপন কৰিছে।

স্বামীৰ মৃত্যু হোৱাৰ পাছৰে পৰা এই দুৰ্বিষহ জীৱন কটাবলৈ বাধ্য হৈছে দুৰ্ভগীয়া মহিলা গৰাকীয়ে। তেওঁৰ আছে দশম শ্ৰেণীত অধ্যয়নত এগৰাকী কন্যা। গাৰ বিষৰ বাবে খোজ কাঢ়িব নোৱাৰা মহিলাগৰাকীয়ে চুচৰি চুচৰিয়ে অহা-যোৱা কৰে। জানিব পৰা মতে, মহিলা গৰাকীৰ স্বামীৰ টকাৰ অভাৱৰ বাবে চিকিৎসাহীন হৈ মৃত্যু হৈছিল।

আশ্চৰ্য্যকৰ কথা যে প্ৰফুল্ল মহন্তৰ মুখ্যমন্ত্ৰীত্বৰ কালতে এটি চৰকাৰী ঘৰ লাভ কৰা পৰিয়ালটোৱে আজিলৈকে নাপালে এটি আৱাস গৃহ,নাপালে অৰুনোদয় আঁচনি। মহিলাগৰাকীৰ ঘৰত নাই পৰ্যাপ্ত সামগ্ৰী। মাটিতে ঢাৰি পাৰি শোৱে তেওঁলোকে।

ঘৰখনৰ একমাত্ৰ জীৱিকাৰ সম্বল বৃদ্ধাগৰাকীয়ে দুবেলা দুসাজ ভাতৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে। অনিশ্চিত জীৱন কটোৱা দুৰ্ভগীয়া পদুমী লাহনে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ সহায়ৰ কাতৰ আহ্বান জনাইছে ।

উৱলি যোৱা জুপুৰিত দুৰ্বিষহ জীৱন কটাইছে চাবুৱাৰ এগৰাকী বৃদ্ধাই...
ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ ১১বজালৈকে পশ্চিম বংগত সৰ্বাধিক ভোটদান আৰু ওড়িশাত নাই ভোটাৰৰ উছাহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in