পৰম্পৰা ৰক্ষাৰ চেষ্টাৰে চাবুৱাৰ এখন ব্যতিক্ৰমী বিয়া...

বিলাসী বাহনৰ বিপৰীতে দৰাই অতীতৰ পৰম্পৰাগত নিয়ম পালন কৰি গৰু গাড়ীত গৈ আনিলে ন-কইনা । ঢোলে-দগৰে দৰাৰ লগত কইনা আনিবলৈ খোজকাঢ়ি গ'ল গাঁওবাসী...

author-image
Asomiya Pratidin
New Update
পৰম্পৰা ৰক্ষাৰ চেষ্টাৰে চাবুৱাৰ এখন ব্যতিক্ৰমী বিয়া...

ডিজিটেল সংবাদ, চাবুৱা : এতিয়া বিয়াৰ বতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু যুৱক-যুৱতীয়ে বিবাহপাশত আৱদ্ধ হৈ মেলিছে ন-জীৱনৰ পাতনি। ব'হাগৰ শুভ দিন বাছি বিবাহ পাশত আৱদ্ধ হোৱা এই সময়তে চাবুৱাত সম্পন্ন হৈছে এখন ব্যতিক্ৰমী বিয়া। যি সময়ত দৰাই বিলাসী বাহনত আকৰ্ষণীয়ভাৱে দামী দামী ফুলেৰে সু-সজ্জিত কৰি কইনা আনিবলৈ বুলি যায় সেই সময়তে চাবুৱাত বিলাসী বাহনৰ বিপৰীতে দৰাই পৰম্পৰাগত নিয়ম পালন কৰি গৰুগাড়ীত গৈ আনিলে কইনা।

Advertisment

এই শুভ বিবাহৰ স্থান হৈছে চাবুৱাৰ পুলুঙা গাওঁ । দৰা ঋতুপৰ্ণ বড়াই অতীতক সুৱঁৰি পৰম্পৰাগত নিয়ম পালন কৰি বাহনৰ পৰিৱৰ্তে ধুমধামেৰে আনন্দ-উচাহেৰে ৰজাবাৰী গাঁৱৰ পৰা আনিলেগৈ কইনা । গাঁৱৰ আবাল-বৃদ্ধ-বনিতা সকলোৱে ফূৰ্তি কৰি ঢোলে-দগৰে দৰাক গৰু গাড়ীত লৈ খোজকাঢ়ি আনিলে ঋতুপৰ্ণৰ ন-কইনা।

আনহাতে গৰু গাড়ীত দৰাক চাবলৈ কইনাৰ ঘৰত মানুহ ঠিয় হব নোৱাৰা পৰিবেশ। প্ৰনিধানযোগ্য যে নৱপ্ৰজন্মক অতীতৰ পৰম্পৰাসমূহৰ লগত চিনাকী কৰি যাতে সকলোৱে অতীতৰ পৰম্পৰা জীয়াই ৰাখিব পাৰে তাৰ বাবেই দৰা ঋতুপৰ্ণৰ এই প্ৰয়াস। স্বাভাৱিকতে এইখন বিয়া প্ৰত্যক্ষ কৰাৰ পাছত যে নৱপ্ৰজন্মই এই কাৰ্যক আদৰ্শৰূপে গ্ৰহণ কৰিব সেয়া নিশ্চিত।

Also Read: উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানক 'আপ' অসমৰ আদৰণি...

chabua