/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/96276ff1-79ab-4e81-b549-0fe1294495c2/Mayamora_Satra.jpg)
ডিজিটেল সংবাদ, চাবুৱা : ''চেৰিটেবুল ৰিলিজিয়াচ এক্ট ১৯৫৯''ৰ আওতাত মায়ামৰা দিনজয় সত্ৰৰ ৫ শ পোৰা ভূমি। বিভিন্ন ধৰণে নামজাৰি ইতিমধ্যেই হৈছে বুলি অসম সত্ৰ আয়োগৰ সদস্য প্ৰদীপ হাজৰিকাই মন্তব্য কৰে। সত্ৰখনৰ মুঠ ৬ শ পোৰা ভূমিৰ বাকী ১ শ পোৰা এতিয়া সত্ৰৰ অধিকাৰীৰ হাতত ।
এই ১ শ পোৰা ভূমিও বিভিন্ন ধৰণে খেলিমেলি হৈ থকা বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰিছে আয়োগে। অসম চৰকাৰে গঠন কৰি দিয়া অসম সত্ৰ আয়োগে বুধবাৰে চাবুৱাস্থিত ঐতিহাসিক মহিমামণ্ডিত মায়ামৰা দিনজয় সত্ৰ পৰিদৰ্শন কৰি সত্ৰৰ ভূমিৰ তথ্য সংগ্ৰহ কৰি এই কথা প্ৰকাশ কৰিছে।
বিধায়ক ক্ৰমে মৃণাল হাজৰিকা, পোনাকণ বৰুৱাৰ সৈতে চাবুৱা ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ সৈতে সত্ৰখন পৰিদৰ্শন কৰাত বিশেষ গুৰুত্ব লাভ কৰিছে। ইয়াৰ পিছতে ইয়াৰ সকলো তথ্য প্ৰতিবেদন আকাৰে অসম চৰকাৰক অৱগত কৰা হ'ব বুলি উল্লেখ কৰে।
Also Read: গহপুৰত প্ৰবঞ্চক: বেংকৰ ফিল্ড অফিচাৰ বুলি পৰিচয় দি লুটি নিলে লক্ষাধিক টকা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us