চাবুৱাৰ ডিকমত চাঞ্চল্যকৰ হত্যাকাণ্ড...

চাবুৱাৰ ডিকমত চাঞ্চল্যকৰ হত্যাকাণ্ড...

ডিজিটেল সংবাদ, চাবুৱা : চাবুৱাৰ ডিকমত গাৰ নোম শিয়ৰি উঠা হত্যাকাণ্ড সংঘটিত । এজন যুৱকক হত্যা কৰাৰ পিছত সাঙিত তুলি ৰাজহুৱাকৈ সৎকাৰ কৰিবলৈ সাজু হোৱাৰ সময়তে আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

সুৰেশ মূড়াই নিজ ভাতৃ মতি মূড়াক হাতুৰিৰে মৰিয়াই মৰিয়াই অতি সংগুপৰ্ণে হত্যা কৰি ৰোগত আক্ৰান্ত হোৱা বুলি ৰাইজক অৱগত কৰিছিল। ডিকম চেঁচা নতুন লাইনত সংঘটিত হৈছে এই ঘটনা ।‌ মতি মূড়া (২৩) নামৰ যুৱক জনক নিজ ভাতৃয়ে হত্যা কৰাৰ কথা সংবাদমাধ্যমৰ সন্মুখত স্বীকাৰ কৰিছে

হত্যাকাৰী সুৰেশ মূড়াক আৰক্ষীয়ে আটক কৰি ঘটনাৰ তদন্ত কৰি হত্যাকাণ্ডত ব্যৱহাৰ হোৱা হাতুৰি উদ্ধাৰ কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চাবুৱাৰ ডিকমত চাঞ্চল্যকৰ হত্যাকাণ্ড...
অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ৰবীন্দ্ৰ জয়ন্তী উদযাপন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in