চাবুৱা ডিডিআৰ মহাবিদ্যালয়ত অন্ত পৰিল একনায়কত্তাবাদী শাসন : স্থায়ী অধ্যক্ষ ৰূপে যোগদান ড০ প্ৰদীপ বৰাৰ...

চাবুৱা ডিডিআৰ মহাবিদ্যালয়ত অন্ত পৰিল একনায়কত্তাবাদী শাসন :

author-image
Asomiya Pratidin
New Update
চাবুৱা ডিডিআৰ মহাবিদ্যালয়ত অন্ত পৰিল একনায়কত্তাবাদী শাসন : স্থায়ী অধ্যক্ষ ৰূপে যোগদান ড০ প্ৰদীপ বৰাৰ...

ডিজিটেল সংবাদ, চাবুৱা : চাবুৱাৰ ঐতিহ্যমণ্ডিত একমাত্ৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান ডি ডি আৰ মহাবিদ্যালয়ত প্ৰাক্তন অধ্যক্ষই বছৰ বছৰ ধৰি চলাই যোৱা একনায়কত্তাবাদী সিদ্ধান্তৰ লগতে সহযোগী শিক্ষকক কৰা অপমানৰ অৱশেষত অন্ত পৰিল। বুধবাৰে ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগৰ সহযোগী অধ্যাপক ড০ প্ৰদীপ বৰাই স্থায়ী অধ্যক্ষ ৰূপে মহাবিদ্যালয়খনত যোগদান কৰে।

Advertisment

চাবুৱাৰ দল -সংগঠন, সাংবাদিক, শিক্ষক, ছাত্ৰ-একতা সভাক লগত লৈ একেলগে মহাবিদ্যালয়ৰ উন্নয়নৰ যাত্ৰা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে। যোগদান কৰিয়েই মহাবিদ্যালয়খন পৰিদৰ্শন কৰে তেওঁ। পৰিদৰ্শন কৰাৰ সময়ত মহাবিদ্যালয়খনৰ পুঁথিভৰালৰ শোচনীয় অৱস্থা, শ্ৰেণীকোঠা সমূহ অপৰিষ্কাৰ লগতে বহু কেইটা দিশৰ ওপৰত আলোচনা কৰি মহাবিদ্যালয়খনক ন-ৰূপত গঢ়ি তুলিবলৈ সকলোৰে সহায় সহযোগিতাৰে কামনা কৰে।

অধ্যক্ষ হিচাপে যোগদান কৰাৰ পাছতেই চাবুৱা বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক পোণাকন বৰুৱাই অধ্যক্ষগৰাকীক অভিনন্দন জ্ঞাপন কৰে । উল্লেখ্য যে, বুধবাৰে ডি ডি আৰ মহাবিদ্যালয়ৰ সভাগৃ্হত শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপনৰ এটি অনুষ্ঠান অনুষ্ঠিত হয়।

Also Read: জামুগুৰিহাটত ইটাভাটা মালিকৰ গুণ্ডাগিৰী: শ্ৰমিকক দিয়া নাই ৬ মাহৰ মজুৰি...

chabua