জামুগুৰিহাটত ইটাভাটা মালিকৰ গুণ্ডাগিৰী: শ্ৰমিকক দিয়া নাই ৬ মাহৰ মজুৰি...

জামুগুৰিহাটৰ খনামুখৰ এচ এচ আই ইটাভাটা মালিকৰ গুণ্ডাগিৰী ৷ ভাটাত কাম কৰা শ্ৰমিকৰ ওপৰত অত্যাচাৰৰ অভিযোগ ৷ ভাটাত কামকৰা শ্ৰমিকক আদায় নিদিলে ৬ মাহৰ দিন মজুৰি...

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত ইটাভাটা মালিকৰ গুণ্ডাগিৰী: শ্ৰমিকক দিয়া নাই ৬ মাহৰ মজুৰি...

ডিজিটেল সংবাদ, শোণিতপুৰ : শোণিতপুৰ জিলাৰ খনামুখৰ এচ এচ আই ইটাভাটাৰ মালিক হৰেন নাথে গুণ্ডাগিৰী কৰি শ্ৰমিকৰ ওপৰত অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ৬ মাহে কঠোৰ পৰিশ্ৰমৰে ইটা বনোৱা কাম কৰি শ্ৰমিক সকলে লাভ কৰা নাই দিন মজুৰি। মুঠ ৫ লক্ষাধিক টকাৰ দিন মজুৰি পাবলৈ থকাৰ কথা অৱগত কৰে কৰ্মচাৰীসকলে।

অভিযোগ মতে বিগত ৬ মাহে কাম কৰিছিল চতিয়াৰ বিভিন্ন গাঁৱৰ ৩০ টাকৈ পৰিয়ালে। মহিলা-পুৰুষ উভয়ে কাম কৰিছিল হৰেন নাথ নামৰ লোকজনৰ এচ এচ আই ইটাভাটাটোত। দিনে নিশাই কাম কৰি আদায় নাপালে দিন মজুৰি। শ্ৰমিক সকলৰ অভিযোগ মতে শিশু সকলক বিদ্যালয়লৈ যোৱাৰ পৰিৱৰ্তে ইটা বনোৱাৰ কামত নিয়োজিত কৰিছিল ইটা ভাটাৰ মালিক হৰেন নাথে। মূৰৰ ঘাম মাটিত পেলাই ৬ মাহে কাম কৰা এই সকল শ্ৰমিকে পাবলগীয়া মজুৰি শীঘ্ৰে আদায় দিবলৈ দাবী জনাইছে শ্ৰমিকসকলে৷

Also Read: অভিভাৱকৰ কি কথাই সন্তানৰ মগজুত বেয়া প্ৰভাৱ পেলাই জানি লওক

jamugurihat