ন-ন কৌশলেৰে সৰবৰাহ গো-ধন: চাবুৱাত জব্দ ৫০ৰো অধিক গো-ধন...

এইবাৰ চাবুৱাত কণ্টেনাৰ বাহনত তুঁহগুৰি দি চোৰাং গো-ধন সৰবৰাহ। চলন্ত কণ্টনাৰত জুই লগাত পোহৰলৈ আহে সমগ্ৰ ঘটনা...
ন-ন কৌশলেৰে সৰবৰাহ গো-ধন: চাবুৱাত জব্দ ৫০ৰো অধিক গো-ধন...

ডিজিটেল সংবাদ, চাবুৱা : চোৰাং গো-ধন ব্যৱসায়ীয়ে গো-ধন সৰবৰাহৰ বাবে নিতৌ লৈছে ন-ন কৌশল। কেতিয়াবা যদি বিলাসী বাহনত চোৰাং ভাবে সৰবৰাহ কৰিছে কেতিয়াবা আকৌ কণ্টেনাৰ বাহনত সৰবৰাহ কৰিছে গো-ধন। এইবাৰ দহচকীয়া এখন কণ্টেনাৰ বাহনত চোৰাং ভাবে গো-ধন সৰবৰাহ কৰা তথ্য পোহৰলৈ আহিছে। ঘটনাৰ স্থান চাবুৱা।

জানিব পৰা মতে, দেওবাৰে নিশা চাবুৱাৰ বিশমাইলত এখন চলন্ত কণ্টেনাৰ বাহনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে। আৰু তেনেতেই পোহৰলৈ আহে এক ভয়ংকৰ তথ্য। চলন্ত কণ্টেনাৰ খনৰ ভিতৰত উদ্ধাৰ হয় ৫০ টাতকৈও অধিক গো-ধন।

চোৰাং ব্যৱসায়ীয়ে কৌশলেৰে ইউ পি ২১ বি এন ৮৮৩০ নম্বৰৰ দহচকীয়া কণ্টেনাৰ খনত তুঁহগুৰি দি ৫০ টাতকৈও অধিক গৰু সৰবৰাহ কৰিছিল। বাহনত জুই লগাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। আনহাতে বাহনৰ ভিতৰত এইদৰে গো-ধন সৰবৰাহ কৰা প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে আৰক্ষীৰ লগতে স্থানীয় ৰাইজ।

ইফালে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে গাড়ী এৰি পলায়ন কৰে বাহনৰ চালকে। ইতিমধ্যে চাবুৱা আৰক্ষীয়ে চোৰাং গো-ধন সহ জব্দ কৰিছে কণ্টেনাৰখন।

ন-ন কৌশলেৰে সৰবৰাহ গো-ধন: চাবুৱাত জব্দ ৫০ৰো অধিক গো-ধন...
ৰাষ্ট্ৰীয় পঢ়ুৱৈ দিৱস: মাহজুৰি পালনৰ সিদ্ধান্ত...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in