চাবুৱাত কেন্দ্ৰীয় সাৰ মন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে ঘাইপথ অৱৰোধ ছাত্ৰ সন্থাৰ

চাবুৱাত কেন্দ্ৰীয় সাৰ মন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে ঘাইপথ অৱৰোধ ছাত্ৰ সন্থাৰ

author-image
Asomiya Pratidin
New Update
চাবুৱাত কেন্দ্ৰীয় সাৰ মন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে ঘাইপথ অৱৰোধ ছাত্ৰ সন্থাৰ

ডিজিটেল সংবাদ, চাবুৱাঃ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজৰ কৰ্প’ৰেচন লিমিটেড অৰ্থাৎ নামৰূপৰ সাৰ কাৰখানা কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তক বিৰোধিতা কৰি চাবুৱাত প্ৰতিবাদ। দেওবাৰে চাবুৱাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চাবুৱা ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

এই প্ৰতিবাদত প্ৰতিবাদকাৰীয়ে কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ বিভাগৰ মন্ত্ৰী ভগৱন্ত খুবাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলা প্ৰতিবাদকাৰীয়ে কোনো কাৰণতে সাৰ কাৰখানা বন্ধ কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট মত প্ৰকাশ কৰে। আনহাতে এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাইয়ো সাংবাদ মাধ্যমযোগে মত ব্যক্তি কৰি যে, 'অসমৰ হৃদপিণ্ড স্বৰূপ সাৰ-কাৰখানাক কোনো কাৰণতে বন্ধ কৰিবলৈ দিয়া নহ'ব।'

Also Read: ঘিলামৰাত সৰ্বানন্দ সোণোৱালৰ "ড্ৰিম প্ৰজেক্ট" উদ্বোধন...

ALL ASSAM STUDENT UNION aasu