/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c83edcd5-ba58-4522-b112-fea834d5c0f4/Namrup.jpg)
ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপস্থিত বিভিএফচিএলৰ নিৰাপত্তাৰ দায়িত্বত থকা কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তাৰক্ষী বাহিনী চমুকৈ চি আই এছ এফ ইউনিটে শুকুৰবাৰে আয়োজন কৰে চাইকেল ৰেলীৰ। নিৰাপত্তাৰক্ষী জোৱানসকলৰ মানসিক চাপমুক্ত জীৱন, সুস্থ মানসিকতা আৰু শাৰীৰিক সক্ষমতা বৃদ্ধিৰ অভিযান হিচাবে বিভিএফচিএলৰ চিআইএছএফ ইউনিটে প্ৰথম বাৰৰ বাবে এই চাইকেল ৰেলীৰ আয়োজন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/8172c0dc-0253-4b41-9ad4-949f41f30946/2df8675b_1258_49d5_a8bb_969948b7cc5a.jpg)
প্ৰতিযোগিতাখনিৰ ফ্লেগ অফ কৰে ডেপুটি কামাণ্ডেণ্ট আতিশ কুমাৰে। লগতে সহযোগ কৰে নিৰীক্ষক দিনেশ কুমাৰে। অনুষ্ঠানৰ শুভাৰম্ভ কৰি ডেপুটি কামাণ্ডেণ্ট গৰাকীয়ে কয় যে, 'চাইকেলিঙৰ এনে কিছুমান লাভালাভ আছে যি আন খেলবোৰত লাভ কৰিব নোৱাৰে। চাইকেল চলালে গোটেই শৰীৰটোৰে ব্যায়াম হয়। ফলত শৰীৰ শক্তিশালী হয় আৰু মানসিক শৰীৰো সুস্থ হৈ থাকে।' উল্লেখ্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে কে ডুংমাৰী, দ্বিতীয় স্থান লাভ কৰে তেজবীৰ সিং আৰু তৃতীয় স্থান লাভ কৰে পদ্ম ৰাভাই। ৰেলীৰ পিছতেই অনুষ্ঠিত কৰা হয় বঁটা প্ৰদান অনুষ্ঠান।
Also Read: নগাঁৱত পণ্ডিত জোনাৰাম বৰাৰ আবক্ষমূৰ্তি উন্মোচন...