নামৰূপ সাৰ কাৰখানা  জীয়াই ৰখাৰ দাবীত অৱস্থান ধৰ্মঘটঃ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ...

নামৰূপ সাৰ কাৰখানা জীয়াই ৰখাৰ দাবীত অৱস্থান ধৰ্মঘটঃ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ...

author-image
Asomiya Pratidin
New Update
নামৰূপ সাৰ কাৰখানা  জীয়াই ৰখাৰ দাবীত অৱস্থান ধৰ্মঘটঃ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ...

নামৰূপ সাৰ কাৰখানা  জীয়াই ৰখাৰ দাবীত অৱস্থান ধৰ্মঘটঃ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ...

ডিজিটেল সংবাদ নামৰূপঃ কৃষি প্ৰধান প্ৰদেশ অসমৰ কৃষিখণ্ডৰ বাবে প্রয়োজন ভিত্তিক সাৰৰ চাহিদাৰ যোগান অব্যাহত ৰখাৰ স্বাৰ্থত চৰকাৰৰ নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি উদ্যোগটোৰ সৰ্ব্বাংগীন বিকাশৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি উদ্যোগটো সজীৱ আৰু সফলভাৱে চলাই ৰখাৰ দাবীত আজি চি আই টি ইউ ডিব্ৰুগড় জিলা কমিটিৰ উদ্যোগত দুঘন্টিয়া অৱস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ন কৰে।  

Advertisment

সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশ দ্বাৰৰ সন্মুখত অৱস্থান কৰা প্ৰতিবাদী কায্যসূচীত প্ৰতিবাদকাৰীসকলে সাৰ কাৰখানা পুনৰুজীৱিতকৰন দাবীৰে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিবেশ। প্ৰতিবাদী কায্যসূচীৰ পিছতে চি আই টি ইউ ডিব্ৰুগড় জিলা কমিটী,নিখিল ভাৰত কৃষক সভা ডিব্ৰুগড় জিলা কমিটী, নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতি ডিব্ৰুগড় জিলা কমিটী,ভাৰতৰ গণতান্ত্রিক যুৱ ফেডাৰেচন ডিব্ৰুগড় জিলা কমিটী, ভাৰতৰ ছাত্র ফেডাৰেচন ডিব্ৰুগড় জিলা কমিটীৰ বিষয়ববীয়াই স্বাক্ষৰিত এক স্মাৰক পত্ৰ দেশৰ প্ৰধানমন্ত্ৰী লৈ প্ৰেৰণ কৰে বি ভি এফ চি এলৰ মুখ্য পৰিচালন সঞ্চালকৰ যোগেদি।

স্মাৰক পত্ৰত উল্লেখ কৰা দাবী সমূহ ক্ৰমে বি ভি এফ চি এল ৰ চতুর্থ গোট শীঘ্ৰেই স্থাপন কৰা, দ্বিতীয় গোট শীঘ্ৰেই মেৰামতি কৰি উৎপাদনক্ষমশীল কৰি গঢ়ি তোলাৰ ব্যৱস্থা,তৃতীয় গোট অত্যাধুনকি পদ্ধতিত মেৰামতি কৰি ১০০ শতাংশ উৎপাদনশীল কৰি তোলা।

প্ৰতিবাদস্থলীত  সংগঠনটোৰ নেতৃত্বই উদ্যোগৰ দ্বিতীয় আৰু তৃতীয় গোট উপযুক্তভাৱে মেৰামতি কৰি ১০০ শতাংশ উৎপাদনক্ষম কৰি গঢ়ি তোলাৰ লগতে কোনোধৰণৰ  বিলম্ব নকৰি প্ৰস্তাৱিত চতুৰ্থ গোটটো স্থাপনৰ বাবে বাস্তৱসন্মত ব্যৱস্থা শীঘ্ৰেই গ্রহণ কৰিবলৈ এই স্মাৰকপত্ৰৰ জৰিয়তে দাবী উত্থাপন কৰে।

উদ্যোগটোত নিয়োজিতসমূহ শ্রমিক, কৰ্মচাৰীসহ বিষয়া তথা সমগ্ৰ নামৰূপ অঞ্চলবাসী আৰু ডিব্ৰুগড় জিলাবাসী ৰাইজৰ দাবীৰ প্ৰতি সহাৰি জনাই চৰকাৰৰ সিদ্ধান্ত সলনি কৰি উদ্যোগটোৰ সৰ্ব্বাংগীন উন্নয়নৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই সংগঠনটোৰ তৰফৰ পৰা।  এই কাৰ্যসূচীত বি ভি এফ চি এলৰ তিনিওখন ইউনিয়নৰ বিষয়ববীয়া উপস্থিত থাকি চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে।

Also Read: জোনমণি কাণ্ডৰ সৈতে নাম জড়িত হোৱা নিলম্বিত আৰক্ষী বিষয়াক পুনৰ নিযুক্তি....

নামৰূপ সাৰ কাৰখানা