/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/fg381d85/burhidihing-21.jpg)
বুঢ়ীদিহিঙৰ সোঁতে উটুৱাই নিলে এজন শ্ৰমিকক...
ডিজিটেল সংবাদ ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ জকাই বৰবিল বুঢ়ীদিহিং নদীত অঘটন। গেমন- তেলপানী সংযোগী মথাউৰি নিৰ্মাণত নিয়োজিত এজন শ্ৰমিকে নদীৰ কাষৰ গছ কাটি থকা অৱস্থাতে গছৰ ডাল ভাঙি বুঢ়ী দিহিং নদীৰ কোৱাল সোঁতত পৰে।
ফলত নদীৰ প্ৰচণ্ড কোৱাল সোঁতে শ্ৰমিকজনক উটুৱাই নিয়ে। সোঁতে উটুৱাই নিয়া শ্ৰমিক জনৰ নাম শংকৰ ওৰাং (২১) । জানিব পৰা মতে তেওঁৰ ঘৰ ডিব্ৰুগড় ডিকমৰ হাতীআলিত।
এই ঘটনা সংঘটিত হোৱাৰ ১২ ঘণ্টা অতিক্ৰম কৰিলে যদিও এতিয়াও শ্ৰমিকজনৰ সন্ধান উলিয়াব পৰা নাই উদ্ধাৰকাৰীয়ে। উল্লেখ্য যে, শংকৰ ওৰাং নামৰ শ্ৰমিক তথা যুৱকজনে শৈশৱতে প্ৰায় ২ বছৰ বয়সতে পিতৃ-মাতৃক হেৰুৱাইছিল।
তেতিয়াৰে পৰা পেহীয়েকে বহু কষ্টৰ মাজেৰে ভনীয়েক আৰু শংকৰ ওৰাংক ডাঙৰ দীঘল কৰিছিল। এতিয়া ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী শংকৰ ওৰাং এইদৰে নদীত উটি যোৱাত উপায়ন্তৰ হৈ পৰিছে পৰিয়ালটো।
ইফালে এই কৰুণ ঘটনাৰ পাছতো বৰ্তমান লৈকে ঠিকাদাৰ প্ৰতিষ্ঠানৰ কোনো লোকেই পৰিয়ালটোৰ কাষত উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰিছে পৰিয়ালটোৰ লগতে স্থানীয় দল সংগঠন।
Also Read: অযোধ্যাত 'সূত্ৰধাৰ'ৰ দ্বিতীয় দিনত শৈক্ষিক সন্মিলন সম্পন্ন, অংকীয়া ভাওনা প্ৰদৰ্শন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us