শোকাৱহ! কি কাৰণে প্ৰেমিক-প্ৰেমিকাই ল'লে চৰম সিদ্ধান্ত

বিৱৰণী অনুসৰি মেৰঠ জিলাৰ বহছুমা ক্ষেত্ৰত এহাল প্ৰেমিক-প্ৰেমিকাই বিবাহৰ নীতি-নিয়ম সম্পন্ন কৰাৰ পাছতে আত্মহত্যাৰ পছ বাছি লয়।

author-image
Asomiya Pratidin
New Update
শোকাৱহ! কি কাৰণে প্ৰেমিক-প্ৰেমিকাই ল'লে চৰম সিদ্ধান্ত

ডিজিটেল ডেস্কঃ প্ৰেমিকাৰ শিৰত সেন্দুৰ দিয়াৰ পাছতে যুৱক-যুৱতীয়ে কৰিলে আত্মহত্যা। এই শোকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মেৰঠ জিলাত। ঘটনাৰ বিৱৰণী অনুসৰি মেৰঠ জিলাৰ বহছুমা ক্ষেত্ৰত এহাল প্ৰেমিক-প্ৰেমিকাই বিবাহৰ নীতি-নিয়ম সম্পন্ন কৰাৰ পাছতে আত্মহত্যাৰ পছ বাছি লয়।

Advertisment

মঙলবাৰে আৰক্ষীয়ে জনাই এই কথা। প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে মনীষ নামৰ যুৱকজন এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল।কিন্তু যেতিয়া তেওঁলোকে গ'ম পাইছিল যে পৰিয়ালৰলোকে এই সম্পৰ্ক মানি নলয় তেতিয়া তেওঁলোকে আত্মহত্যাৰ পথ বাছি লয়।

দুয়োৰে সম্পৰ্কক লৈ সুখী নাছিল পৰিয়ালৰলোক। তেওঁলোকে বিয়াত অনুমতি নিদিও বুলি কৈছিল। তাৰপাছতে দুয়ো বিয়াৰ সকলো নীতি নিয়ম পালন কৰি ফাচী লগাই আত্মহত্যা কৰে। মৃত্যুৰ পূৰ্বে মনীষে যুৱতীগৰাকীক সেন্দুৰ দিয়ে,মিঠাই খুৱাই আৰু পাছত এডাল ৰচীতে ফাচী লগায়। মৰণোত্তৰ পৰীক্ষাতো তেওঁলোকৰ মৃত্যুৰ কাৰণ স্পষ্ট হৈ আহিছে। দুয়োৰে পৰিয়ালে এই সন্দৰ্ভত তদন্ত বিচৰা নাই।

Also Read: বিহুৰ পূৰ্বে ভাল খবৰ! স্বাক্ষৰিত হ'ব আলফা শান্তি চুক্তি, কি কি আছে এই চুক্তিত...

uttar pradesh crime