/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-26/qgssnxsa/36.jpg)
ডিজিটেল সংবাদ,ডিব্ৰুগড়ঃ বিশিষ্ট সাহিত্য সমালোচক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ আনন্দ বৰমুদৈৰ অভিনন্দন গ্ৰন্থ 'সমালোচনা কলা আৰু সাধনা' উন্মোচন কৰে প্ৰথিতযশা সাহিত্যিক, মিতভাষৰ স্ৰষ্টা ড০ নগেন শইকীয়াই।
শনিবাৰে ড০ আনন্দ বৰমুদৈৰ দ্বাৰা ইংৰাজী ভাষালৈ অনূদিত ৫খন গ্ৰন্থ উন্মোচন কৰা হয়। ইয়াৰে ড০ ফৰিদা আহমেদৰ কবিতা সংকলন 'দ্য হেভেনলি স্কাই' আৰু শ্বৰীফা খাতুন চৌধুৰীৰ কাব্য সংকলন 'কপাৰ কালাৰ্ড টাইম' উন্মোচন কৰে বিশিষ্ট কবি ড০ কৰবী ডেকা হাজৰিকাই। সত্যজিৎ গগৈৰ কাব্য-সংকলন 'এন এবান্দণ্ড হৰ্চকাৰ্ট' উন্মোচন কৰে বিশিষ্ট কবি ডাঃ প্ৰণয় ফুকনে।
ড০ কল্যাণ ভূঞাৰ 'দি স্কাই অ'ভাৰ দি উইণ্ড' আৰু প্ৰকল্প ৰঞ্জন ভাগৱতীৰ কাব্য সংকলন 'দ্য অওল চাইট' উন্মোচন কৰে সমালোচক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড০ মৃদুল বৰদলৈয়ে। এই উপলক্ষে ডিব্ৰুগড়ৰ হোটেল গাৰ্ডেন ট্ৰীটত আয়োজিত এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত উল্লেখিত গ্ৰন্থকেইখন উন্মোচন কৰাৰ লগতে ড০ বৰমুদৈক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
আয়োজক সকলৰ হৈ আদৰণি ভাষণ প্ৰদান কৰে ডাঃ প্ৰণয় ফুকনে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই প্ৰদান কৰা উদ্বোধনী ভাষণত ড০ বৰমুদৈৰ জীৱন-কৃতি সম্পর্কে চমুকৈ আলোকপাত কৰি কয় যে বৰমুদৈ এগৰাকী বিশিষ্ট সাহিত্য সমালোচক হোৱাৰ উপৰি এগৰাকী সহজ-সৰল লোক আৰু ভাল শিক্ষক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ড০ বৰমুদৈয়ে যথোচিত সন্মান লাভ নকৰাৰ বাবে তেওঁ উদ্বেগ প্ৰকাশ কৰে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেডিঅ' জ্ঞানমালিনী'ৰ স্বপ্নালী ভূঞাই আঁতধৰা অনুষ্ঠানত কল্যাণ ভূঞা আৰু প্ৰকল্প ৰঞ্জন ভাগৱতীৰ দ্বাৰা সম্পাদিত দ্বিভাষিক অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰি ড০ নগেন শইকীয়াই কয় যে বৰমুদৈ এগৰাকী অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰ আজন্ম ছাত্ৰ। এগৰাকী সমালোচক যদিও তেওঁৰ ব্যক্তিত্বত কোনোদিনেই অহংকাৰ ভাৱ নাই। গহপুৰৰ এখন ভিতৰুৱা গাঁৱৰ পৰা ওলাই আহি সমালোচনা সাহিত্যত আৰু এগৰাকী অধ্যাপক আৰু বিশিষ্ট সমালোচক হিচাপে যিদৰে প্ৰতিষ্ঠা লাভ কৰিলে সেয়া আশ্চর্যজনক কথা।
সাহিত্যিক গৰাকীয়ে ড০ বৰমুদৈক অভিনন্দন জ্ঞাপন কৰি জ্ঞান অৰ্জনৰ তেওঁৰ যি স্পৃহা সেয়া সজীৱ হৈ থকাৰ লগতে তেখেতৰ কৰ্মই জাতীয় জীৱন সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত নিজৰ অনুভব ব্যক্ত কৰি ড০ বৰমুদৈয়ে সমালোচক সকলক ক্ৰিকেট খেলৰ 'আম্পায়াৰ'ৰ স'তে তুলনা কৰি জৰ্জ বাৰ্ণাড শ্ব'ৰ উদ্ধৃতিৰে কয় যে আমাক প্ৰদান কৰা এই সম্বৰ্ধনা ঐতিহাসিক। কাৰণ বিশ্বত সমালোচকক সম্বৰ্ধনা জনোৱাৰ উদাহৰণ অত্যন্ত বিৰল।
প্ৰসংগক্ৰমে ড০ বৰমুদৈয়ে গ্ৰন্থ সমালোচনা কৰিবলৈ গৈ বিভিন্নজন লেখক-কবিৰ পৰা লাভ কৰা ৰসাল অভিজ্ঞতাৰ কথা ব্যক্ত কৰি সকলোকে আপ্লুত কৰে আৰু সম্বৰ্ধনা জ্ঞাপনৰ বাবে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত পাঁচখন গ্ৰন্থৰ উন্মোচকে উন্মোচনী ভাষণ প্ৰদানৰ লগতে ড০ বৰমুদৈক উদ্দেশ্যি অভিনন্দন জ্ঞাপক বক্তব্য আগবঢ়ায়।
অনাতাঁৰ শিল্পী বিপুল ফুকনৰ জ্যোতি সংগীত, দুলেন দত্তৰ জয়ন্ত হাজৰিকাৰ গীত, সত্যশিখা দুৱৰা, নয়নজ্যোতি হাজৰিকাই কবিতা পাঠ কৰা অনুষ্ঠানত অনুবাদ সাহিত্যিক দেৱীপ্ৰসাদ বাগড়োদিয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূতপূর্ব উপাচার্য ড০ কন্দৰ্প কুমাৰ ডেকা, লেখক ডাঃ জীতেন ভূঞাকে ধৰি চহৰখনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাহিত্যিক, কবি আৰু শতাধিক লেখক-লেখিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভালে সংখ্যক শিক্ষক উপস্থিত থাকে।