অসম সত্ৰ মহাসভাৰ উদ্যোগত বৰগীত,ভাওনা-সত্ৰীয়া নৃত্যৰ কৰ্মশালা

অসম সত্ৰ মহাসভাৰ উদ্যোগত বৰগীত,ভাওনা-সত্ৰীয়া নৃত্যৰ কৰ্মশালা

ডিজিটেল সংবাদ, ধুবুৰী : গুৰুজনাৰ আদৰ্শ আৰু নীতিক সৰগত কৰি অসম সত্ৰ মহাসভাৰ উদ্যোগত বৰগীত,ভাওনা,সত্ৰীয়া নৃত্যৰ কৰ্মশালা। চলিত গৰমৰ বন্ধৰ সময়ছোৱাত অসমৰ ৪১খন সত্ৰ মহাসভাৰ জিলা সমিতি আৰু বহিঃৰাজ্যৰ ৫খন শাখা সত্ৰই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বাহিৰৰ কেইবাটাও অঞ্চলত কৰ্মশালাৰআয়োজন কৰিছে।

অসম সত্ৰ মহাসভাৰ উদ্যোগত উক্ত স্থানসমূহত গুৰুদুজনাৰ অনুপম সৃষ্টি সত্ৰীয়া নৃত্য, বৰগীত,ভাওনা, খোল বাদন আদিৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত কৰাৰ বাবে ব্যাপক কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে।

অসম সত্ৰ মহাসভাৰ পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জানিবলৈ দিয়া মতে, প্ৰতিটো প্ৰশিক্ষণ কৰ্মশালাত নৱ প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণে সততে আজিৰ প্ৰজন্মই থলুৱা কৃষ্টি-সংস্কৃতিক অধ্যয়ন কৰাৰ বাবে আগ্ৰহী নহয় বুলি উত্থাপন হৈ থকা অভিযোগ সত্ৰ মহাসভাৰ এই প্ৰচেষ্টাই একে আষাৰে নস্যাৎ কৰিছে। এই কৰ্মশালাবোৰ অনুষ্ঠিত কৰি অঞ্চলসমূহৰ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ মাজত গুৰুদুজনাৰ আদৰ্শ আৰু মহত্বক সঠিক আৰু শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে।

অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী আৰু সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই এই গৰম বন্ধৰ সময়ছোৱাত অসম চৰকাৰেও ৰাজ্যখনৰ প্ৰতিখন জিলাত সংস্কৃতিৰ বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰা কাৰ্য্য ব্যৱস্থাক আদৰণি জনাইছে। অসম সত্ৰ মহাসভাই সত্ৰীয়া নৃত্য প্ৰশিক্ষণ সন্দৰ্ভত কয় যে, যিহেতু অসমৰ সত্ৰীয়া নৃত্যক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিছে সেয়েহে সত্ৰীয়া নৃত্যক বিশেষভাৱে গুৰুত্ব আৰোপ কৰাটো অতি জৰুৰী আৰু প্ৰয়োজনীয় বিষয়।

সত্ৰীয়া নৃত্যৰ পৰম্পৰাগত মৰ্যদা অটুট ৰখাৰ স্বাৰ্থত চৰকাৰে পৰৱৰ্তী পৰ্য্যায়ত ল'বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত সত্ৰ মহাসভাৰ লগত আলোচনা কৰি এক নীতি-নিৰ্দেশনা যুগুত কৰা বাবে উল্লেখ কৰে। লগতে সত্ৰ মহাসভাক এই কাৰ্য্যৰ লগত সংযুক্ত কৰিলে গুৰুদুজনাৰ প্ৰতি বিশেষ শ্ৰদ্ধা জনোৱা হ'ব বুলি সত্ৰ মহাসভাই মত প্ৰকাশ কৰে। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সত্ৰ মহাসভাই অনুৰোধ জনায়।

অসম সত্ৰ মহাসভাৰ উদ্যোগত বৰগীত,ভাওনা-সত্ৰীয়া নৃত্যৰ কৰ্মশালা
বিশ্বজিৎ‍ গোস্বামীৰ বাসগৃহত টকা গণি ভাগৰিল আৰক্ষী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in