ডিব্রুগড়ৰ দুই নিখোজ ভাতৃৰ জ্যেষ্ঠ ভাতৃ দিগন্ত কাকতিৰ মৃতদেহ উদ্ধাৰ

ডিব্রুগড়ৰ দুই নিখোজ ভাতৃৰ জ্যেষ্ঠ ভাতৃ দিগন্ত কাকতিৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্ক : ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন দিগন্ত কাকতিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। যোৱা বুধবাৰে মাতৃৰ পিণ্ডদান কৰিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছিল দুই ভাতৃ দিগন্ত কাকতি আৰু অনন্ত কাকতি।

মোহনাঘাটৰ সমীপৰ পানী যুৱলিৰ কাষত উদ্ধাৰ কৰা হৈছে জ্যেষ্ঠ ভাতৃ দিগন্ত কলিতাৰ মৃতদেহ। ইফালে মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটো। আনহাতে আনগৰাকী ভাতৃ অনন্ত কাকতিৰ এই পৰ্যন্ত কোনো সন্ধান পোৱা নাই।

উল্লেখ্য যে যোৱা ৭ নৱেম্বৰ বুধবাৰে দুই ভাতৃ দিগন্ত আৰু অনন্ত কাকতি মাতৃৰ পিণ্ডদান কৰিবলৈ গৈছিল। তাৰপিছতে নৈৰ দাঁতিত পিছলি পৰি প্ৰায় ৫ দিন ধৰি সন্ধানহীন হৈ আছিল।

ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে চলাই আছে উদ্ধাৰ অভিযান। কিন্তু এই উদ্ধাৰ অভিযান চলি থকাৰ মাজতে সোমবাৰে জ্যেষ্ঠ ভাতৃ দিগন্ত কাকতিৰ মৃতদেহ উদ্ধাৰ কৰা হয়। সম্প্ৰতি আনগৰাকী ভাতৃৰ সন্ধানত অৱ্যহত আছে উদ্ধাৰ অভিযান।

ডিব্রুগড়ৰ দুই নিখোজ ভাতৃৰ জ্যেষ্ঠ ভাতৃ দিগন্ত কাকতিৰ মৃতদেহ উদ্ধাৰ
জীৱন্ত সমুদ্ৰ মন্থন চাবলৈ শিলচৰৰ কালী পূজাত দৰ্শকৰ ভিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in