/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/d72c104f-82e3-49b5-9c37-08c8af23146b/103.jpg)
ডিজিটেল সংবাদ,শিলচৰ : সমগ্ৰ ৰাজ্যৰ লগতে শিলচৰতো কালী পূজা আৰু দীপাৱলীৰ নিশা যথেষ্ট দৰ্শকৰ ভিৰ হৈছে। বিশেষকৈ জানিগঞ্জ কালী পূজা কমিটীৰ উদ্যোগত প্ৰদৰ্শন কৰা জীবন্ত সমুদ্ৰ মন্থনৰ দৃশ্য চাবলৈ যথেষ্ট সংখ্যক দৰ্শকে ভিৰ কৰে।
কলকতা আৰু ত্ৰিপুৰাৰ দুই শিল্পী দলে মানুহৰ দ্বাৰা প্ৰদৰ্শন কৰা এই জীৱন্ত সমুদ্ৰ মন্থন চাবলৈ পুজাস্থলীত ভিৰ কৰিছে অসংখ্য দৰ্শক। প্ৰতি ১৫ মিনিটৰ মূৰে মূৰে প্ৰদৰ্শন কৰা হৈছে এই সমুদ্ৰ মন্থনৰ দৃশ্য। দেওবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা জানিগঞ্জৰ এই সমুদ্ৰ মন্থন ৩দিন ধৰি দৰ্শকৰ বাবে মুকলি থাকিব বুলি সদৰি কৰিছে পূজা কমিটীয়ে।
Also Read: দেৱালীৰ দিনা বিক্ৰী কোটি টকাৰ সুৰা