/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b422f053-36e4-4895-b6ee-c86237378c14/1.jpg)
ডিজিটেল সংবাদ, বৰবৰুৱাঃ বিদ্যালয় একত্ৰিকৰণৰ বিৰুদ্ধে সৰৱ ডিব্ৰুগড়ৰ এখন গাঁও। অভিভাৱক তথা বিদ্যালয় পৰিচালনা সমিতিৰ অজ্ঞাতে প্ৰায় তিনি কিলোমিটাৰ দূৰত্বৰ এখন বিদ্যালয়ৰে একত্ৰিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তক বিৰোধিতা কৰি বৃহস্পতিবাৰে লেজাইৰ দেৱানবাৰী চোমৰি পথাৰ গাঁৱত অনুষ্ঠিত কৰে এখন ৰাজহুৱা সভা।
১৯৭৮ চনত স্থাপন হোৱা দেৱানবাৰী চোমৰি পথাৰ প্ৰাথমিক বিদ্যালয়খন প্ৰায় তিনি কিলোমিটাৰ দূৰত্বৰ লালমাটি তিনিচুকীয়া প্ৰাথমিক বিদ্যালয়ৰ সৈতে চামিল কৰিলে বিভাগীয় কৰ্তৃপক্ষই। অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা স্থানীয় ৰাইজৰ মতামত গ্ৰহণ নকৰাকৈ ২০২৩ বৰ্ষৰ জুলাই মাহতে চামিল কৰা হ'ল দেৱানবাৰী চোমৰিপথাৰ প্ৰাথমিক বিদ্যালয়ক।
সম্প্ৰতি ৩৪ জন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি আছে বিদ্যালয়খনত। অথচ একত্ৰিতকৰণৰ নীতিৰ আওতাৰ বাহিৰত আছে বিদ্যালয়খন। একত্ৰিকৰণৰ নীতি অনুসৰি ৩০ জনৰ তলত থকা প্ৰাথমিক বিদ্যালয়কহে আন এখন বিদ্যালয়ৰ সৈতে চামিল কৰিব পাৰে।
স্থানীয় লোকৰ মতে, সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে বিদ্যালয়খন চামিল কৰা হৈছে প্ৰায় তিনি কিলোমিটাৰ দূৰত্বৰ দূৰ্গম এটা অঞ্চলৰ বিদ্যালয়ৰ সৈতে। ইফালে এই বিষয়ত স্থানীয় লোকে জিলা প্ৰশাসনকো লিখিত অভিযোগ দিছিল। কিন্তু জিলা প্ৰশাসন কিম্বা বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াত বিদ্যালয়খন ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদৰ হুংকাৰ দিছে স্থানীয় ৰাইজে।
Also Read: ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভূপেন বৰাই তৰিলে মানহানি গোচৰ