/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/1d46851d-3220-47a1-820a-2211469ec1c6/10.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ১০কোটি টকাৰ মানহানি গোচৰ তৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে কেতবোৰ আপত্তিজনক আৰু সমাজত ভাবমূৰ্তি নষ্ট হ'ব পৰা মন্তব্যৰ বাবেই গোচৰ তৰা বুলি জানিব পৰা গৈছে।
কংগ্ৰেছ দলৰ ক্ষতি হ'ব পৰা মন্তব্যৰ বাবেও মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধে উক্ত গোচৰত উল্লেখ কৰে। বিশেষকৈ ভূপেন বৰা শীঘ্ৰে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীলৈ আহিব জাতীয় অনেকধৰণৰ কথা কোৱাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বৃহস্পতিবাৰে আদালতৰ দ্বাৰস্থ হৈছে আৰু গোচৰটো ইতিমধ্যে ন্যায়ালয়ত পঞ্জীভূক্ত হোৱা বুলি জানিব পৰা গৈছে।
Also Read: বৰপেটা সমষ্টিৰ বাবে বিপিএফৰ প্ৰাৰ্থী ঘোষণা