বাইহাটা চাৰিআলিৰ ক্ষুদ্ৰ পলহাত উদ্ধাৰ হোৱা মহিলাৰ মৃতদেহ চিনাক্ত..

ডিব্ৰুগড়ৰ বকুল মাজগাঁও নিবাসী খাতিজা নিছাৰ মৃতদেহ চমজি লয় পৰিয়ালৰ লোকে। বৰ্তমানলৈকে পলাতক স্বামী জাহিদ চৌধুৰী ওৰফে চাহাব আলী

author-image
Asomiya Pratidin
New Update
বাইহাটা চাৰিআলিৰ ক্ষুদ্ৰ পলহাত উদ্ধাৰ হোৱা মহিলাৰ মৃতদেহ চিনাক্ত..

ডিজিটেল সংবাদ, দুমুনিচকী: বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ পলহাত যোৱা ইং ১২ মাৰ্চ তাৰিখে নিশা ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা মৃত মহিলাগৰাকীৰ পৰিচয় লাভ কৰে বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে। প্ৰথমাৱস্থাত মৃত মহিলা গৰাকীৰ নাম আৰু পৰিচয় লাভ নকৰাত বাইহাটা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ ৭২ ঘন্টা সময় জি এম চি এইচৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰে।

Advertisment

পৰৱৰ্তী পৰ্যায়ত মৃত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে বিষয় সন্দৰ্ভত অৱগত হৈ বাইহাটা চাৰিআলি থানাত উপস্থিত হয়। আৰু জি এম চি এইচৰ মৰ্গত মৃতদেহটো চিনাক্ত কৰি চমজি লয়। ইয়াৰ পিছতে মহিলা গৰাকীৰ পিতৃ গৃহ ডিব্ৰুগড় জিলাৰ লাহোৱা আৰক্ষী থানাৰ অন্তৰ্গত বকুল মাজগাঁৱলৈ লৈ যোৱা হয়।

আনহাতে ৰহস্য জনক ভাৱে মহিলা গৰাকীৰ স্বামী জাহিদ চৌধুৰী ওৰফে চাহাব আলী বৰ্তমান সময়তো পলাতক অৱস্থাত আছে। বিষয় সন্দৰ্ভত মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি বিগত প্ৰায় ডেৰ বছৰ ধৰি খাতিজা নিছাৰ সৈতে জাহিদ চৌধুৰী ওৰফে চাহাব আলীয়ে পতি-পত্নী হিচাপে বসবাস কৰি আছিল। প্ৰথমে মোবাইল ফোন যোগে চিনাকি হৈ প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰা দুয়োজনে পিছলৈ বিবাহপাশত আবদ্ধ হয় ।

স্থানীয়লোকৰ ভাষ্য অনুসৰি জাহিদৰ ভাড়া ঘৰলৈ বিভিন্ন যুৱকৰ উপৰিও সময়ে সময়ে সন্দেহ জনক ভাৱে যুৱতী-মহিলাৰ আগমন ঘটাৰ বিষয়ে অৱগত হোৱাত খতিজাৰ পৰিয়ালৰলোক সন্দেহত পৰে। ইয়াৰোপৰি খাতিজাই ডিঙিত চিপ লৈ মৃত্যুক আকোঁৱালি লোৱা ঘটনাক সহজ ভাবে ল'ব পৰা নাই মৃত খাতিজাৰ পৰিয়ালে। বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত দুটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে গোচৰ নং ক্ৰমে- ৮৩/২৩ আৰু ৩০৪ (বি) ধাৰাৰ অধীনত এটা আৰু আনটো ইউ ডি ৮/২৩ নং যোগে গোচৰ ৰুজু কৰে।

Also Read: Wildlife Sanctuaries in Assam: পৰ্যটকক আকৰ্ষিত কৰা অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য

Guwahati Medical College and Hospital